চাওলুং চ্যুকাফাৰ নামত এখনি বিশ্বমানৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ দাবী আহোম জাতীয় মহাসভাৰ । আহোম জাতিক UCC ৰ বাহিৰত ৰখাৰ দাবী ।

চাওলুং চ্যুকাফাৰ নামত এখনি বিশ্বমানৰ বিশ্ববিদ্যালয় স্থাপন কৰক ।

UCC ৰ বাহিৰত ৰাখক আহোম জনগোষ্ঠীক ।

চৰকাৰলৈ এই আহ্বান আহোম জাতীয় মহাসভাৰ ।

আহোম জাতিৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে মৰাণত আহোম জাতীয় মহাসভাৰ উদ্যোগত এখনি বৌদ্ধিক সন্মিলন অনুষ্ঠিত হয় । মৰাণ টাই অধ্যয়ন গৱেষনা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনষ্ঠিত এই সন্মিলনৰ পিছতে সংবাদমেল যোগেৰে সদৰি কৰে বৌদ্ধিক সন্মিলনৰ সিদ্ধান্ত । 

অসমীয়াৰ পিতৃপুৰুষ চাওলুং চ্যুকাফাৰ নামত এখনি বিশ্বমানৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ লোৱাৰ লগতে চৰকাৰক এই বিষয়ত আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহন কৰা হয় । ইফালে বিগত কোনো এখন চৰকাৰে আজিলৈকে চাওলুং চ্যুকাফাৰ নামত এখনো বিশ্ববিদ্যালয় স্থাপন নকৰা বিষয়ত উদ্বেগ প্ৰকাশ কৰে ।

কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰিব বিচৰা ইউনিফৰ্ম চিভিল কোড (UCC) নীতিৰ বাহিৰত আহোম জনগোষ্ঠীক ৰখাৰ আহ্বান আহোম জাতীয় মহাসভাৰ । UCC প্ৰযোজ্য হলে আহোমৰ কৃষ্টি-সংস্কৃতি সৰ্বভাৰতীয় সংস্কৃতিয়ে গ্ৰাহ কৰি পেলাব বুলি মন্তব্য আহোম জাতীয় মহাসভাৰ । 

বৌদ্ধিক সন্মিলনত আলোচিত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰে সংবাদমেল যোগেৰে ।

সংবাদমেলত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুন্দৰজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি কনচেং বাইলুং ফুকন, সাধাৰণ সম্পাদক অনন্ত গগৈৰ লগতে বহুকেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে ।