অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে ।
ইফালে মৰাণ নগৰত পাৰ্কিং কৰ লোৱাৰ ব্যৱস্থা বন্ধ কৰা, দৈনিক বজাৰৰ জাৱৰ-জোথৰ নিষ্কাসন কৰা, গান্ধী উদ্যানত থকা প্ৰতিমুৰ্তি সঠিক স্থানত স্থাপন কৰা ইত্যাদি দাবী জনাই বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
কাৰ্যসূচীত অংশগ্ৰহন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰ, খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিজু দুৱৰা, জিলা সভাপতি দেৱ ৰঞ্জন গগৈকে ধৰি বহুকেইগৰাকী বিষয় -ববীয়া