(চিবিএছই) নতুন নিৰ্দেশনা জাৰি কৰাৰ পিছতে তৎপৰতা গ্ৰহন কৰিছে মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ে । এতিয়াৰ পৰা দ্বাদশ শ্ৰেনীলৈকে অসমীয়া বিষয়ত অধ্যয়ন কৰিব পাৰিব । পূৰ্বতে কেৱল নৱম শ্ৰেণীলৈকেহে অসমীয়া বিষয়টো সংযোজন কৰা হৈছিল । কিন্তু, এতিয়া দশম শ্ৰেণীলৈকে সম্পূৰ্ণ প্ৰাঠ্যক্ৰম হিচাপে অসমীয়া বিষয়টো অন্তৰ্ভূক্ত কৰা হৈছে । তদুপৰি একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন গ্ৰহন কৰা হৈছে । এই বছৰৰ পৰাই একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া বিষয়ত অধ্যয়ন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত সকলো নিৰ্দেশনা মানি চলি অহাৰ অৱগত কৰে মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই । ছাত্ৰ-ছাত্ৰীসকলে এতিয়া স্বাধীনভাৱে যিকোনো বিষয় বাছনি কৰি লব পাৰে । তদুপৰি খেলা-ধুলা আৰু অন্যান্য বিষয়ৰ বাবেও বিদ্যালয়খনে গ্ৰহন কৰিছে বিশেষ ব্যৱস্থা