অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত,শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহা আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত যোবা ১৮ জুলাইৰ পৰা দহ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা ৰ আজি সমাপন হৈ আৰু সমস্ত ক্ষেত্ৰ গীত নৃত্যৰে মুখৰিত হৈ পৰে।

  আজি কৰ্মশালা সমাপন ৰ উপলক্ষে অকণিৰ কবিতা ঘৰ অসম ৰ প্ৰধান সম্পাদক ৰন্টু মুদৈ আঁত ধৰা সমাৰোহত দহ দিনীয়া কৰ্মশালাত প্ৰশিক্ষণ লোবা ছাত্ৰ ছাত্ৰী আৰু কন কন শিশু সকলে নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰাৰ লগতে শতাধিক দৰ্শকক আপ্লুত কৰি।

সমাপন সমাৰোহত কৰ্মশালা আহ্বায়ক সমিতিৰ সভাপতি সুবৰ্ন সিং,সদস্য তথা ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ৰাজেন গাঁওখোবা, নগাঁও জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকন, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী, ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ মনজ্যোতি বৰা অতিথি ৰূপে উপস্থিত থাকি সম্বোধন কৰাৰ লগতে দহ দিনীয়া কৰ্মশালা ত অংশ গ্ৰহণ কৰা শতাধিক ছাত্ৰ ছাত্ৰী ক অংশ গ্ৰহণ ৰ প্ৰমান পত্ৰ প্ৰদান কৰে।

      অনুষ্ঠানত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া, উপদেষ্টা বিনোবা ৰাজবংশী, মহেন্দ্ৰ কলিতা,কবিতা ঘৰ বগৰিগুৰি শাখাৰ পৰিচালিকা ইৰু তামুলী, মুখ্য প্ৰশিক্ষক প্ৰিয়াসী পূজাৰী, ফুকন ডেকা,সাবিত্ৰী শইকীয়া দাস, মানিক পাতৰ,জয়ন্ত দাস কবিতা ঘৰ ৰ সহ সম্পাদক ৰিতু দাস, অশুমান শৰ্মা,সদস্য সুভাষ বৰা,সদস্য তথা যুব কন্ঠশিল্পী পৰশমনি দাস সহ কবিতা ঘৰ ৰ শতাধিক ছাত্ৰ ছাত্ৰী, অবিভাবক অবিভাবিকা, শিক্ষক, শিক্ষয়ত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।