মৰাণত আলফা (স্বাধীন)-ৰ ধনদাবী ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্ৰৱন আগৰৱালাক ৭০ লাখ টকা দাবী সংগঠনটোৰ ৷ যোৱা ১৮ জুলাইত অজ্ঞাত নম্বৰৰ পৰা হোৱাটচআপ যোগে মেজৰ জেনেৰেল নয়ন অসমৰ সাক্ষৰিত ধনদাবী পত্ৰ ব্যৱসায়ীজনক ৷ তাৰ পাছতেই অজ্ঞাত নম্বৰৰ পৰা ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ বাৰম্বাৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱসায়ীজনে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত পহৰাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিষয়টেৰ সন্দৰ্ভত কোনো তথ্য উলিয়াব পৰা নাই ৷ দাবী কৰা ধন নিদিলে জীৱন-সম্পতিলৈ সংশয় নামি আহিব বুলিও ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য ২০১৩ বৰ্ষটো ব্যৱসায়ী শ্ৰৱন আগৰৱালাক ১০ লাখ টকা ধন দাবী কৰিছিল আলফাই ৷ সেইবাৰো আৰক্ষীৰ সহায়ত নিৰাপত্তা লাভ কৰিছিল ব্যৱসায়ীজনে ৷ এইবাৰ পুণৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালা ৷ ২০১৩ চনত দাবী কৰা ধন নিদিয়াৰ বাবে এইবাৰ দাবী কৰা ধন শীঘ্ৰেই দিবলৈ সঁকীয়াই দিছে নিজকে নয়ন অসম বুলি পৰিচয় দিয়া ব্যক্তিজনে ৷ এই ঘটনাক লৈ মৰাণৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰাৰ বিপৰীতে তৎপৰ হৈ পৰিছে মৰাণ আৰক্ষী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'बिना अपॉइंटमेंट के चंद्रशेखर से मिलने ना पहुंचें, वरना लिया जाएगा एक्शन', पार्टी का आदेश
उत्तर प्रदेश की नगीना लोकसभा सीट से सांसद चंद्रशेखर रावण की पार्टी आजाद समाज पार्टी ने कहा है कि...
ઉનાના કંસારી રોડ પર સર્જાયો અકસ્માત@Live24 NewsGujarat
ઉનાના કંસારી રોડ પર સર્જાયો અકસ્માત@Live24 NewsGujarat
খাৰুপেটীয়াৰ ৰাইজৰ বাবে সুখবৰ - অহা কিছু দিনৰ ভিতৰত ৰাইজে পাব বিশুদ্ধ খোৱা পানী - দলগাঁৱৰ বিধায়ক মাজিবুৰ ৰহমানৰ দাবী
খাৰুপেটীয়া ৰাইজক এটা সুখবৰ দিলে দলগাঁও ৰ বিধায়ক মাজিবুৰ রহমান নে । বিধায়ক রহমানে Assam Urban...
ৰহাৰ সুধন্য কুমাৰ সেনাপতিক ক্ৰীড়া শিৰোমণি বঁটা ২০২৫প্ৰদান।আলোচনি ৰহস্য আৰু দৈনিক বাতৰি কাকত নতুন স্বদেশে গুৱাহাটীত প্ৰদান কৰে বঁটা।
ৰহা নিবাসী তথা ক্ৰীড়া প্ৰেমী সুধন্য কুমাৰ সেনাপতিক ক্ৰীড়া ৰ ক্ষেত্ৰত দিয়া অবদানৰ বাবে...
પોરબંદર જીલ્લા માં વિકાસ કાર્યો નો વરસાદ #porbandar #news
પોરબંદર જીલ્લા માં વિકાસ કાર્યો નો વરસાદ #porbandar #news