মৰাণত আলফা (স্বাধীন)-ৰ ধনদাবী ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্ৰৱন আগৰৱালাক ৭০ লাখ টকা দাবী সংগঠনটোৰ ৷ যোৱা ১৮ জুলাইত অজ্ঞাত নম্বৰৰ পৰা হোৱাটচআপ যোগে মেজৰ জেনেৰেল নয়ন অসমৰ সাক্ষৰিত ধনদাবী পত্ৰ ব্যৱসায়ীজনক ৷ তাৰ পাছতেই অজ্ঞাত নম্বৰৰ পৰা ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ বাৰম্বাৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱসায়ীজনে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত পহৰাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিষয়টেৰ সন্দৰ্ভত কোনো তথ্য উলিয়াব পৰা নাই ৷ দাবী কৰা ধন নিদিলে জীৱন-সম্পতিলৈ সংশয় নামি আহিব বুলিও ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য ২০১৩ বৰ্ষটো ব্যৱসায়ী শ্ৰৱন আগৰৱালাক ১০ লাখ টকা ধন দাবী কৰিছিল আলফাই ৷ সেইবাৰো আৰক্ষীৰ সহায়ত নিৰাপত্তা লাভ কৰিছিল ব্যৱসায়ীজনে ৷ এইবাৰ পুণৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালা ৷ ২০১৩ চনত দাবী কৰা ধন নিদিয়াৰ বাবে এইবাৰ দাবী কৰা ধন শীঘ্ৰেই দিবলৈ সঁকীয়াই দিছে নিজকে নয়ন অসম বুলি পৰিচয় দিয়া ব্যক্তিজনে ৷ এই ঘটনাক লৈ মৰাণৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰাৰ বিপৰীতে তৎপৰ হৈ পৰিছে মৰাণ আৰক্ষী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केजरीवाल की न्यायिक हिरासत का आखिरी दिन:आज राउज एवेन्यू कोर्ट में CBI की चार्जशीट का जवाब दाखिल करना होगा
शराब नीति मामले से जुड़े CBI केस में CM अरविंद केजरीवाल की न्यायिक हिरासत आज खत्म हो रही है। 3...
દિયોદર શાળા નંબર 2 ખાતે વિદાય કાર્યક્રમ યોજાયો
એપ્રિલ મહિનામાં ધોરણ ૧ થી ૮ ના બાળકોની પરીક્ષા શરૂ થઈ રહી છે ત્યારે શાળામાં ભણતા ધોરણ આઠના...
Kartik Aaryan acknowledges his followers after receiving the first Best Actor nomination for Bhool Bhulaiyaa 2. - Newzdaddy
Kartik Aaryan posted a photo to Instagram to mark his "first" Best Actor win at the Zee Cine...