মৰাণত আলফা (স্বাধীন)-ৰ ধনদাবী ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্ৰৱন আগৰৱালাক ৭০ লাখ টকা দাবী সংগঠনটোৰ ৷ যোৱা ১৮ জুলাইত অজ্ঞাত নম্বৰৰ পৰা হোৱাটচআপ যোগে মেজৰ জেনেৰেল নয়ন অসমৰ সাক্ষৰিত ধনদাবী পত্ৰ ব্যৱসায়ীজনক ৷ তাৰ পাছতেই অজ্ঞাত নম্বৰৰ পৰা ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ বাৰম্বাৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱসায়ীজনে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত পহৰাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিষয়টেৰ সন্দৰ্ভত কোনো তথ্য উলিয়াব পৰা নাই ৷ দাবী কৰা ধন নিদিলে জীৱন-সম্পতিলৈ সংশয় নামি আহিব বুলিও ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য ২০১৩ বৰ্ষটো ব্যৱসায়ী শ্ৰৱন আগৰৱালাক ১০ লাখ টকা ধন দাবী কৰিছিল আলফাই ৷ সেইবাৰো আৰক্ষীৰ সহায়ত নিৰাপত্তা লাভ কৰিছিল ব্যৱসায়ীজনে ৷ এইবাৰ পুণৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালা ৷ ২০১৩ চনত দাবী কৰা ধন নিদিয়াৰ বাবে এইবাৰ দাবী কৰা ধন শীঘ্ৰেই দিবলৈ সঁকীয়াই দিছে নিজকে নয়ন অসম বুলি পৰিচয় দিয়া ব্যক্তিজনে ৷ এই ঘটনাক লৈ মৰাণৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰাৰ বিপৰীতে তৎপৰ হৈ পৰিছে মৰাণ আৰক্ষী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Chetak 3201 Special Edition भारतीय बाजार में लॉन्च, 1.29 लाख की कीमत पर मिलेंगे एडवांस फीचर्स
बजाज ऑटो के अनुसार नया चेतक 3201 स्पेशल एडिशन इलेक्ट्रिक वाहन निर्माता और ई-कॉमर्स दिग्गज के बीच...
Breaking News: CBSE ने 10वीं और 12वीं बोर्ड परीक्षा की तारीखों का किया ऐलान | Aaj Tak Hindi News
Breaking News: CBSE ने 10वीं और 12वीं बोर्ड परीक्षा की तारीखों का किया ऐलान | Aaj Tak Hindi News
বিধায়ক চক্ৰধৰ গগৈৰ বৃক্ষৰূপন
লাহোৱালস্হিত কৃষি বিজ্ঞান কেন্দ্ৰ (KVK) ত মূখ্যমন্ত্ৰীৰ এখনি বৃক্ষৰূপন আঁচনি অনুসৰি বিধায়ক...
પાલનપુરના સુપ્રસિધ્ધ કંથેરીયા હનુમાન મંદિરમાં ચોરી કરનાર આરોપીને પોલીસે ગણતરીના સમયમાં ઝડપી
પાલનપુરના સુપ્રસિધ્ધ કંથેરીયા હનુમાન મંદિરમાં ચોરી કરનાર આરોપીને પોલીસે ગણતરીના સમયમાં ઝડપી
डिजिटल मार्केट ब्रीच को लेकर Apple, Meta और Google की बढ़ीं मुश्किलें, EU ने शुरू की जांच
यूरोपियन यूनियन एंट्रीट्र्स्ट रेगुलेटर (EU antitrust regulators) ने सोमवार को ईयू टेक नियमों के...