বিশ্বনাথৰ অসম অৰুণাচল ভিতৰুৱা অঞ্চল তিনিসুতিৰ একাংশ মহিলাই দেখুওৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ৷ 

গৌমতী দুগ্ধ উৎপাদক মহিলা সমবায় সমিতিৰ একাংশ মহিলা প্ৰতিদিনে পোৱা ব্যস্ত হৈ পৰে দুগ্ধ সংগ্ৰহ কৰাত ৷ প্ৰতিদিনে প্ৰায় ১৫০ /২০০ লিটাৰ গাখীৰ সংগ্ৰহ কৰি তৈয়াৰ কৰে ঘি , দৈ , পনীৰ , ক্ৰীম আদি ৷ এই উৎপাদিত সামগ্ৰী সমূহ গাৱঁৰে ব্যৱসায়ী সকলক বিক্ৰী কৰাৰ লগতে বিশ্বনাথৰ ব্যৱাসায় প্ৰতিষ্ঠান সমূহতো দখল কৰিছে ৷ ২০০৭ চনতে আৰম্ভ কৰা এই ডায়ৰী খনক ডায়েৰী ডিপাৰ্টমেণ্ট আৰু পশু চিকিৎসক ডা° নীলোৎপল ভাগৱতীৱে বিভিন্ন ক্ষেত্ৰত সহাৰ কৰি আহিছে ৷ লগতে পনীৰ, ক্ৰীম তৈয়াৰ কৰা সা সজুঁলিসমূহ যোগান পালে আৰু উন্নত মানৰ ক্ৰীম , পনীৰ তৈয়াৰ কৰাত সুবিধা হোৱাৰ লগতে অঞ্চলতোৰে আৰু একাধিক মহিলা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা কৰে ৷