কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট গাৱঁৰ ৺মনমোহন কলিতাৰ পুত্ৰ খগেন কলিতা চিলংৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল৷উক্ত প্ৰতিষ্ঠানত কৰ্মৰত হৈ থাকোতে যোৱা ২০২২ চনৰ দহ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ ব্ৰেইন টিউমাৰ ধৰা পৰে৷জি এম চি এইছত তিনিমাহ চিকিৎসাধীন হৈ থকাৰ অন্তত চলিত বৰ্ষৰ চাৰি জানুৱাৰীত ব্ৰেইন অপাৰেচন কৰে৷অপাৰেচনৰ পিচত বৰ্তমানলৈ চলি থকাৰ মাজতে সম্প্ৰতি ৰোগটোৱে পুনৰাই গ্ৰাস কৰে৷সম্প্ৰতি তেওঁ সকলো কথাই পাহৰি যোৱাৰ উপৰিও শয্যাগত হৈ পৰিছে৷এইবেলি পৰিয়ালে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাত হস্পিতাল কতৃপক্ষই তেওঁক অসমৰ বাহিৰত নি পুনৰাই অপাৰেচন কৰিবলৈ পৰামৰ্শ দিয়ে৷ফলত উপায়হীন হৈ পৰিছে তেওঁৰ পত্নী৷আৰ্থিক দৈন্যতাত ভোগা তেওঁৰ পত্নীৰ লগতে একাংশ শুভাকাংক্ষী ৰাইজে সহায় বিচাৰি চছিয়েল মেডিয়াত প্ৰচাৰ কৰিছে৷কোনো সুহৃদবান ৰাইজ তথা দল সংগঠনে উক্ত ব্যক্তি গৰাকীক সহায় কৰিব খুজিলে একাউণ্ট নং 39482148439 আৰু G Pay no 8256983424 ত সহায় কৰিব পাৰিব৷৷