হিংৰিজান চাহ বাগিছা নিবাসী তথা অসম । চাহ মজদুৰ সংঘ মৰাণ শাখাৰ সভাপতি মনোজ তাঁতিৰ পুত্ৰ সন্তোছ তাঁতিয়ে শুক্ৰবাৰে নিশা কামৰ পৰা ঘৰলৈ আহি হঠাৎ চোকা অস্ত্ৰৰে আক্ৰমন কৰিছিল পত্নী বিজন্তা তাঁতিক । আক্ৰমন কৰিয়েই পলায়ন কৰিছিল সন্তোষ তাঁতি । ইফালে গুৰুত্বৰ ভাৱে আহত বিজন্তা তাঁতি চিকিৎসাধীন হবলগীয়া হয় । ইয়াৰ পিছতে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে । আৰক্ষীয়ে  Case no. 47/ 23 আৰু 294, 226, 207 ধাৰাৰ অধীনত পলাতক হৈ থকা সন্তোষ তাঁতিক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম । সম্প্ৰতি মৰাণহাট আৰক্ষীৰ জিম্মাত সন্তোষ তাঁতি ।