হেঙুল হাইতাল ৰহাৰ উদ্যোগত আজি ৰ পৰা সাত দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা ৰ শুভাৰম্ভ কৰা হৈছে।

        এই উপলক্ষে আজি পূবা ১১বজাত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত হেঙুল হাইতাল ৰ অধ্যক্ষ বসন্ত বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত সাত দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা ৰ উদ্বোধন কৰে সমাজকৰ্মী তথা ডুগডুগী ৰ স্বতাধিকাৰী উৎপল বনিয়াই।

    উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন শিক্ষক ঘন ডেকা,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ প্ৰধান শিক্ষয়ত্ৰী চয়নিকা ডেকা, ৰহা নগৰ মণ্ডল বিজেপি ৰ সভাপতি ৰাজেন গাঁওখোবা,অসীম হাজৰিকা, কৰ্মশালাৰ প্ৰশিক্ষক বিশ্বজিত বৰকাকতী, সুস্মিতা শইকীয়া,মৃনাল বৰা,বিদ্যুৎ নাথ,সুনীত কুমাৰ নাথ,

অঞ্জন দুৰ্লভ চৌধুৰী, হেঙুল হাইতাল ৰহাৰ কাৰ্য্যকৰী সভাপতি চন্দন জ্যোতি ভূঞা, সম্পাদক সঞ্জয় কুমাৰ বৰা সহ হেঙুল হাইতাল ৰ সদস্য সদস্যা,যুবক যুৱতী, শিশু,অবিভাবক অবিভাবিকা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।

  আজিৰ পৰা আৰম্ভ হোবা কৰ্মশালা ত ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৬০ যুবক যুৱতী আৰু শিশুয়ে প্ৰশিক্ষকৰ পৰা নাট ৰ প্ৰশিক্ষণ লৈ।