ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ । প্ৰাথমিক বিদ্যালয়সমূহৰ জেষ্ঠ শিক্ষকক দিয়া ৩০০ টকা চাৰ্জ এলাউন্স গ্ৰহন নকৰাৰ সিদ্ধান্ত জনাই শিক্ষা বিষয়াক স্বাক্ষৰ পত্ৰ প্ৰদান শিক্ষকসকলৰ । চৰকাৰক শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী ফলপ্ৰসূ কৰিবলৈ আহ্বান জনায় শিক্ষকসকলে ।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৯৮২ চনৰ পৰা শিক্ষানুষ্ঠানসমূহত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে দাবী জনাই আহিছে । ইতিমধ্যে ধাৰাবাহিকভাৱে এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও আজিলৈকে সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে আজি ৰাজ্যজুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে