অসম চাহ জনজাতি ছাত্ৰ ডিখাৰী উপ-শাখা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত LOC, MFK ৰ সন্মূখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অইল ইণ্ডিয়া লিমিটেডে ডিখাৰী চাহ বাগিচাৰ গছ উচ্ছেদ কৰি তৈলক্ষেত্ৰ স্থাপন কৰা দিনৰে পৰা স্থানীয় লোকক চৰম প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ আটছাৰ । 

কাৰ্যসূচীৰ অন্তত মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিষয়ালৈ এখনি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয় ।

চাহ বাগিচাৰ গছ কাটি তৈলক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে যদিও বাগিছাৰ অঞ্চলটোৰ উন্নয়ণৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । চাহ শ্ৰমিকৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰা, ক্লাৱঘৰ নিৰ্মাণ কৰা, শিশুসকলৰ বাবে ওমলাঘৰৰ ব্যৱস্থা কৰা, ডিখাৰীৰ খেলপথাৰখন উন্নিতকৰণৰ ব্যৱস্থা কৰা ইত্যাদি দাবী উত্থাপন কৰে আটছাই ।