অ' মামা মামা মোক হাতেৰে চলোৱা চাইকেল এখন দিয়ক।

আৰু মোৰ কইনা টোক অৰুনোদইৰ দিবদেই মামা, মই বিকলাংগ,মোক গাঁৱৰ মানুহে বাওনা বুলি জোকাই মামা,মোক হাতেৰে চলোৱা চাইকেল এখন দিবদেই।মায়ে বহু দিন আগতেই এটা ঘৰ পাইছিল এতিয়া জৰাজীৰ্ণ মোৰ ঘৰ।

এনেদৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্বলৈ কাতৰ অনুৰোধ মঙ্গলদৈৰ নিকটবৰ্তী ডাহী নগাঁৱৰ তৰুণ ডেকাৰ। তৰুণ ডেকাৰ ঘৰলৈ আহিলে আপুনিও হতাশ হ'ব, তৰুণে দুয়ো খন হাত পোনাব নোৱাৰে, জন্মগত তৰুণ প্ৰয়োজনতকৈ চাপৰ, গাঁৱৰ মানুহেও কেতিয়াবা জোকাই তৰুণক। উপাৰ্জন বুলিবলৈ তৰুণে চেপা,খালৈ বনাই বজাৰত বিক্ৰী কৰি পোহপাল দিয়ে পত্নী আৰু মাতৃক। তৰুণৰ পত্নীয়ে পোৱা নাই অৰুনোদই আঁচনি,এটি থাকিবলৈ ঘৰ, কোনো মতে পোহপাল দিয়ে পত্নী আৰু মাতৃক। সেয়ে এতিয়া মুখ্য মন্ত্ৰীক কাতৰ অনুৰোধ এনেদৰে।