মৰাণহাট ৰেলৱে ষ্টেচনত ফুট অভাৰব্ৰীজ উদ্বোধন পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈ আৰু ডিভিজনেল ৰেলৱে পৰিচালক উত্তম প্ৰকাশ আৰু কেইবাগৰাকী উচ্চ পদস্থ ৰেলৱে বিষয়াৰ উপস্থিতিত ২ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে ফুট অভাৰব্ৰীজখনি উদ্বোধন কৰা হয় ।

মৰাণহাট ৰেলৱে ষ্টেচনত এখন ফুট অভাৰব্ৰীজৰ বহুদিনিয়া অভাৱ আছিল । দৈনিক প্ৰায় ৫৫০ গৰাকী যাত্ৰী অহাযোৱা কৰাৰ  কাৰণে বহুদিনীয়া অভাৱ পূৰণ হ'ল।