ছৈখোৱাৰ ধলাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এগৰাকী মহিলাৰ লগতে চাৰিজনকৈ লোকক আটক ৷

শদিয়া আৰক্ষী জিলাৰ অধীনৰ ধলা আৰক্ষীয়ে লাফাংকলা চাৰিআলিত গোপন সূত্ৰৰ পম খেদি AS 03 M 6200 নম্বৰৰ এখন বিলাসী বাহনৰ পৰা এগৰাকী মহিলাৰ লগতে চাৰিজনকৈ সৰবৰাহকাৰীক আটক কৰে ৷

 অভিযানৰ সময়ত বাহন খনৰ লগতে আঠটাকৈ কন্টেনাৰ বাকচত প্ৰায় ১০০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ , পাঁচটাকৈ মোবাইল ফোন জব্দ কৰিছে ৷