নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ নতুন মোৰ,নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ অংগ আৰু মঙহৰ আছে এখন বিশাল বজাৰ।ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত,"পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া"

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এটা ঢেকীয়াপতীয়া বাঘ চোৰাংচিকাৰীয়ে হত্যা কৰা ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰখা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত পৰিছে বহু বিস্ফোৰক তথ্য৷উল্লেখযোগ্য যে,যোৱা নিশা এই ঘটনাৰ দুই মূল অভিযুক্তই অসম অৰুণাচল সীমান্তৰ দেলাইশ্ৰীত আত্মসমৰ্পন কৰাৰ পাছতে বাঘ হত্যাৰ ঘটনাই নতুন মোৰ লৈছে৷ যোৱা আঠ জুলাইত ইটাখোলাত অভিযান চলাই বলেৰ পিকাপ সহ বাঘৰ ছাল আৰু হাড়ৰ লগতে বাঘ হত্যাত ব্যৱহৃত হস্তনিৰ্মিত বন্দুকটো উদ্ধাৰ কৰা হৈছিল । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ অঞ্চলত শুই থকা অৱস্থাত পহু বুলি ভাবি হত্যা কৰা হৈছিল বাঘটোক৷,এই চোৰাংচিকাৰী দ্বয় নামেৰীত পূৰ্বৰে পৰাই বিভিন্ন বন্যপ্ৰাণী হত্যাৰে জড়িত থকা বুলি স্বীকাৰ কৰাৰ লগতে এনে এটা বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ এক ভয়ংকৰ তথ্য বন বিভাগৰ হাত ত পৰিছে ৷ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ হত্যা কৰা স্হানৰ পৰা মাত্ৰ ডেৰশ মিটাৰ দূৰত্বত বেদখলকাৰী ৰূপত ঘৰ সাজি বাস কৰি থকা চোৰাংচিকাৰীৰ দলটোত মধ্যস্থতাকাৰী,ক্ৰেতা আদিও আছিল আৰু এই দলটোৱে অসংখ্য পহু,বনৰৌকে ধৰি বিভিন্ন বন্যপ্ৰাণী হত্যা কৰিছিল৷উমানন্দত বন্দী কৰা বাঘটো যোৱা ডিচেম্বৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ চিজুচাৰ অংশত মুকলি কৰি দিছিল বন বিভাগে৷এই বাঘটোৰ ছাল তথা হাড় মূৰ বিক্ৰীৰ বাবে চেষ্টা অব্যাহত থকাৰ সময়তে চোৰাংচিকাৰী দলটোৰ বিষয়ে চৰকাৰী অভিযানত পোহৰলৈ আহে৷এনে বন্যপ্ৰাণী নিধনৰে আৰু বহু সংখ্যক লোক জড়িত থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু সম্প্ৰতি নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অভিযান অব্যাহত ৰাখিছে৷ইপিনে বাঘ হত্যাৰ এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি "চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আজি সংবাদমাধ্যমৰ আগত বৰ্তমান চৰকাৰৰ দিনত চোৰাংচিকাৰীয়ে ৰেহাই নাপাই বুলি উল্লেখ কৰি কয় যে,পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যত চোৰাংচিকাৰীৰ এটা নেক্সাছ গঢ় লৈ উঠাৰ বাবেই তেতিয়া গড়,হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণী চোৰাংচিকাৰীয়ে ব্যাপক ভাবে হত্যা কৰিছিল৷কিন্তু বৰ্তমান ৰাজ্যত গড়হত্যাকে ধৰি বন্যজন্তু হত্যা বন্ধ হোৱা বুলিও তেওঁ দাবী কৰে"৷