বিশ্বনাথৰ মুখৰগড়ৰ ঘিলাধাৰী নদীত সংঘটিত হল ভয়াবহ নাও দূৰ্ঘটনা৷নদী পাৰ হওঁতে ডুবিল নাও৷ চাৰি গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হ'ল যদিও এতিয়াও দুগৰাকী মহিলা সন্ধানহীন হৈ আছে৷ সন্ধানহীন হৈ থকা মহিলা দুগৰাকীৰ নাম ক্ৰমে জ্যোতি চাহু(২৫), আৰি দীপাঞ্জলি কেওট৷ঘটনাস্থলীত উপস্থিতি বিশ্বনাথৰ আৰক্ষী অধীক্ষকসহ বৃহৎ আৰক্ষীৰ দল৷
উল্লেখ যে আজি আজি পুৱা বিশ্বনাথৰ মূখগড় চাহ বাগিচাৰ সমিপৰ ঘিলাধাৰী নদীৰ সিপাৰে থকা পথাৰত ধান ৰুবলৈ গৈছিল ৬ জনীয়া মহিলাৰ এটা দল।কিন্তু এখন টুলুঙা নাৱৰে বিয়লি পাঁচ মান বজাত ঘিলাধাৰী নৈৰ সিপাৰে থকা পথাৰৰ পৰা উভতি আহোতেই সংঘটিত হল এই দুৰ্ঘটনা।নাৱত থকা এটা ফুটাৰে পানী সোমাই নাঁওখন ডুবি যায় নৈত।লগে লগে নাৱৰীয়া আৰু নাৱত উঠি অহা মহিলা কেইগৰাকী পানীত পৰো যায় আতু ডুবিবলৈ ধৰে। তাৰ পিছতে কিন্তু ধৈৰ্য নেহেৰুৱা নাৱৰীয়া দেবা কেওটে স্থানীয় লোকৰ সহযোগত নদীৰ পৰা উদ্ধাৰ কৰে চাৰিগৰাকী মহিলাক। উদ্ধাৰ হোৱা মহিলা কেইগৰাকী ক্ৰমে জোনাকী পৰজা, দুৰ্গামনি কেওট, ৰিস্মা কেওট আৰু নেহা খোদাল। এই চাৰি গৰাকী মহিলাক ইতিমধ্যে প্ৰতাপগড় চাহ বাগিচাৰ প্ৰাথমিক চিকিৎসালয় লৈ অনা হয় আৰু চিকিৎসা প্ৰদান কৰা হয়।কিন্তু এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সন্ধানহীন হৈ থকা দ্বীপাঞ্জলী কেওট আৰু জ্যোতি চাহু।ইতিমধ্যে SDRF ৰ দলক উদ্ধাৰ অভিযান চলাবলৈ মতা হৈছে যদিও কিছু সময়ৰ পিছতহে SDRF দল উক্ত স্থানত উপস্থিত হৈ অভিযান চলাব বুলি জানিব পৰা গৈছে।ইফালে স্থানীয় ৰাইজে উক্ত স্থানত অতি শীঘ্ৰে এখন দলং নিৰ্মান কৰাৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।