সমগ্ৰ দেশতে নিখিল ভাৰত বিদ্যুত কৰ্মচাৰী মহাসংঘ আৰু ৰাষ্ট্ৰীয় বিদ্যুত অভিযন্তা আৰু কৰ্মচাৰী সম্বন্বয়ৰক্ষী সমিতিৰ যুটীয়া আহবানত কেন্দ্ৰীয় চৰকাৰে বিদ্যুত সংশোধনী বিধেয়ক ২০২২ সংসদৰ চলিত অধিবেশনতে গৃহীত কৰাৰ বাবে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে আৰু আজি সমগ্ৰ ভাৰতবৰ্ষতে দিনযোৰা কৰ্মবিৰতি কাৰ্যসূচী ৰুপায়ণ কৰে। উল্লেখ যে বিদ্যুত আইনৰ সংশোধনী বিধেয়কখন গৃহীত কৰিবৰ বাবে ২০১৪ চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে নানাধৰণে চেষ্টা কৰি আহিছে । যদিও দেশৰ বিদ্যুত কমচাৰী আৰু সাধাৰণ জনতাৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। ৰাজহুৱা বিদ্যুত খণ্ডত ব্যক্তিগত গোষ্ঠীৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ৰচিত হোৱা বিদ্যুত সংশোধনী বিধেয়ক ২০২২ ৰ বিৰোধীতা কৰাটো আজিৰ দিনত প্ৰতিজন বিদ্যুত কৰ্মচাৰীৰে দায়িত্ব।

এই সম্পৰ্কত চৰকাৰক বিৰোধিতা কৰি আজি চাৰিআলি বিদ্যুত উপ-সংমণ্ডল,চাৰিআলি বিদ্যুত সংমণ্ডলৰ কাৰ্যালয়ৰ সমূহ বিষয়া আৰু কৰ্মচাৰীয়ে সহযোগ কৰি কাৰ্যসূচীত আসাম ষ্টেট পাৱাৰ ব'ৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি উৎপল শইকীয়াৰ লগতে আসাম ষ্টেট পাৱাৰ ৰ্ব'ৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সাধাৰণ সম্পাদক তথা বিদ্যুত অভিযন্তা আৰু কৰ্মচাৰী সম্বন্বয়ৰক্ষী সমিতিৰ তেজপুৰ মণ্ডলৰ যুটীয়া আহ্বায়ক মৃগাংক শৰ্মাৰ লগতে ইউনিয়ৰ শাখা সভাপতি যুগল কোচ আৰু শাখা সম্পাদক জানিৰাম ডেকাৰ লগতে পেঞ্চনাৰ সন্থাৰ বিষয়ববীয়া আৰু অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে।