শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত কৈৱৰ্ত দলনিত দিচাং নদীৰ গড়া খহনীয়াই প্ৰৱল ৰূপ ধাৰণ কৰিছে। এই খহনীয়াই আৰু মাত্ৰ পাঁচ ফুট খহাই মথাউৰি পালেহিয়েই সমগ্ৰ অঞ্চলটোৰ ত্ৰিশ খনকৈ গাঁৱৰ বাবে কাল অমানিশা নামি আহিব। এতিয়া গভীৰ সংকটত থকা মথাউৰিটোক লৈ অঞ্চলবাসী আতংকিত হৈ আছে। ১০৭ নং থাওৰা সমষ্টিত উপ-নিৰ্বাচনৰ সময়ত সমগ্ৰ দিশপুৰ খনেই থাওৰাত বাহৰ পাতি থাকোতে খুদ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এই গড়াখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল কৈৱৰ্তদলনী গাওঁবাসীক। কিন্তু এতিয়া সকলো ফুটুকাৰ ফেন ; নিৰ্বাচনো শেষ হ'ল, প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ'ল। জলসম্পদ বিভাগে নদীৰ পাৰত পচিশ ডাল জেং দিয়েই গড়াখহনিয়া ৰোধ কৰি কৰ্তব্য সামৰিছে। গাওঁবাসীয়ে অভিযোগ কৰা অনুসৰি স্থানীয় বিধায়ক জনেও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই, আনকি উপ-নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে মুখমন্ত্ৰীকো সমগ্ৰ গাওঁবাসীয়ে গড়াখহনিয়া সন্দৰ্ভত লিখিত আবেদন জনাইছিল। তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি অঞ্চলবাসীৰ যাতায়াতৰ একমাত্ৰ সম্বল এই মথাউৰিটোৰ উপৰেদি সৰু-বৰ গাড়ীয়ে অবৈধভাৱে মাটি খনন কৰি চলাচল কৰাত মথাউৰিটোৰ অৱস্থা যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, অসুখীয়া লোক আৰু সাধাৰণ নাগৰিকৰ চলাচলত যথেষ্ঠ সমস্যাই দেখা দিছে। এতিয়া কৈৱৰ্তদলনী বাসীৰ এটাই প্ৰশ্ন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ জলসম্পদ বিভাগে গড়াখহনীয়া ৰোধ কৰি ক্ৰমশ উছন হ'ব ধৰা গাওঁবাসীক উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবনে ? থাওৰাত উপ-নিৰ্বাচনৰ সময়ত অঞ্চলবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবনে ? নে নদীৰ বুকুত উছন হ'বলৈ এৰি দিব ?
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जाणून घ्या बाळासाहेब ठाकरे यांचा जीवनप्रवास
मुंबई: शिवसेनाप्रमुख बाळासाहेब ठाकरे यांचा आज दहावा स्मृतीदिन. आजच्याच दिवशी म्हणजे 17 नोव्हेंबर...
ગુજરાતમાં ‘દારૂબંધી’ માટેના ‘કડક કાયદા’ અંગે હર્ષ સંઘવી ભલે ‘દાવા’કરે પણ આ 4 માર્ગો ઉપર દારૂની હેરાફેરી વર્ષોથી થાય છે !!!
ગુજરાતમાં ખુલ્લેઆમ દારૂ વેચાય છે અને દારૂબંધી માત્ર કાગળ ઉપર જોવા મળી રહી છે, રાજ્ય બહારથી...
ડીસામાં આરોગ્ય વિભાગ અને નગરપાલિકાએ અખાદ્ય ચીજવસ્તુઓ વેચતા વેપારીઓને દંડ ફટકાર્યો
બનાસકાંઠાના ડીસામાં આજે ફરી અખાદ્ય ચીજવસ્તુઓનું વેચાણ કરતા વેપારીઓને ત્યાં, આરોગ્ય વિભાગ અને...
सुल्तानपुर मे नवीन सीबीईओ सम्भाला कार्यभार, प्रथम दिन लगाया पौधा
सुल्तानपुर. नगर मे शिक्षा विभाग कार्यालय मे लम्बे समय से रिक्त चल रहे मुख्य ब्लॉक शिक्षा अधिकारी...
CJI Chandrachud ने Tamilnadu Governor किस बात के लिए भरी कोर्ट में सुना दिया?
CJI Chandrachud ने Tamilnadu Governor किस बात के लिए भरी कोर्ट में सुना दिया?