শিৱসাগৰ জিলাত নাবালক শিক্ষক নিযুক্তি কেলেংকাৰীৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে এইবাৰ স্বাস্থ্য বিভাগত স্বাস্থ্য প্ৰশিক্ষক,নিম্নবৰ্গৰ সহায়ক, এমপিডব্লিউ, ফাৰ্মাচিষ্ট, ৰেডিঅগ্ৰাফাৰ, লেপ্ৰচি পৰীক্ষক, লেভৰেটৰী টেকনিচিয়ান আদি বিভিন্ন পদৰ ৯১ সংখ্যক নিয়োগক লৈ বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে।যাৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ নিৰ্দেশত শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে আদেশ নং JTDHS/Enquiry/RTI/2022/03-08/03/08/22 যোগে গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকালয়ে প্ৰেৰণ কৰা ৯১ গৰাকী কৰ্মচাৰীক ১২ আগষ্ট তাৰিখৰ ভিতৰত তেওঁলোকৰ নিয়োগৰ সকলো তথ্য তথা যাৱতীয় প্ৰতিলিপি প্ৰদানৰ নিৰ্দেশ দিছে।

এই সমূহ তথ্য শিৱসাগৰৰ স্বাস্থ্য বিভাগে বিশেষ তদন্তৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰি বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে শিৱসাগৰৰ এগৰাকী আৰটিআই কৰ্মীৰ আৱেদনত শিৱসাগৰ জিলাত স্বাস্থ্য বিভাগৰ এনে কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য উন্মোচন হৈছিল। যাৰ বাবে এতিয়া স্বাস্থ্য সঞ্চালকালয়ে এনে নিয়োগৰ তদন্ত ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে।বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত বিজ্ঞাপন,সাক্ষাৎকাৰ, নিযুক্তি পত্ৰৰ অবিহনে কেৱল বদলিকৰণৰ কাগজৰ ভিত্তিত এই সকল কৰ্মচাৰীয়ে নিয়োগ লাভ কৰি বছৰ বছৰ ধৰি চৰকাৰী দৰমহা ভোগ কৰি অহাৰ সন্দেহ কৰা হৈছে।

ধনৰ বিনিময়ত কেৱল বদলিৰ কাগজ লৈয়ে এনে নিয়োগ হোৱাৰ অভিযোগে এতিয়া শিৱসাগৰ জিলাৰ লগতে চৰাইদেউ জিলাতো জোঁকাৰণি তুলিছে।অৱশ্যে বিষয় সন্দৰ্ভত শিৱসাগৰ স্বাস্থ্য বিভাগে কোনো মতামত কৰাৰ পৰা বিৰত আছে যদিও পৰৱৰ্তী সময়ত বিষয় সন্দৰ্ভত স্থিতি মুকলি কৰাৰ সম্ভাৱনা আছে।