কাবুল, ০ল৮ আগষ্ট। আফগানিস্তানত সংঘটিত হোৱা বিস্ফোৰণত পাকিস্তান বিৰোধী সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান চমুকৈ টিটিপিৰ পাঁচজন নেতা নিহত হৈছে। পূৱ আফগানিস্তানত পাকটিকা প্ৰদেশত সংঘটিত বিস্ফোৰণত টিটিপিৰ শীৰ্ষ কমাণ্ডাৰ উমৰ খালিদ খুৰাছানীকে ধৰি চাৰিজন কমাণ্ডাৰ নিহত হয়। কুনাৰ প্ৰদেশত হোৱা বিস্ফোৰণত টিটিপিৰ চোৰাংচোৱা প্ৰধান আব্দুল ৰছিদ নিহত হয়।
নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন টিটিপিৰ চাৰিজন শীৰ্ষ কমাণ্ডাৰ এখন সভাৰ বাবে পাকটিকা প্ৰদেশৰ বীৰমল জিলালৈ গৈ আছিল। তেওঁলোকে যোৱা বাহনখনত টিটিপিৰ শীৰ্ষ কমাণ্ডাৰ উমৰ খালিদ খুৰাছানীৰ উপৰিও আন তিনিজন কমাণ্ডাৰ আব্দুল ৱালি মহম্মদ, মুফতি হাছান আৰু হাফিজ দৌলত খান আছিল। তেওঁলোকৰ বাহনখনত হঠাতে বিস্ফোৰণ হৈছিল আৰু চাৰিজন কমাণ্ডাৰ নিহত হৈছিল।
মহম্মদ জনজাতীয় জিলাৰ অন্তৰ্গত খুৰাছানীক এজন শীৰ্ষ টিটিপি সন্ত্ৰাসবাদী বুলি গণ্য কৰা হৈছিল। এই সন্ত্ৰাসবাদী গোটে সমগ্ৰ পাকিস্তানত শ্বৰিয়া আইন বলবৎ কৰিব বিচাৰে। খুৰাছানীৰ বাবে আৰক্ষীয়ে এক কোটি টকাৰ পুৰস্কাৰ দিছিল। ওৰাকজাই জনজাতীয় জিলাৰ হাফিজ দৌলত গোটৰ এজন গুৰুত্বপূৰ্ণ সদস্য আৰু খুৰাছানীৰ ওচৰত আছিল। আনহাতে মুফতি হাছান মালকান্দ বিভাগৰ আছিল আৰু ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ প্ৰাক্তন নেতা আবু বকৰ আল-বাগদাদীৰ প্ৰতি আনুগত্যৰ প্ৰতিশ্ৰুতি দিছিল।
ইয়াৰ পূৰ্বে, আফগানিস্তানৰ কুনাৰ প্ৰদেশত হোৱা বিস্ফোৰণত টিটিপিৰ চোৰাংচোৱা প্ৰধান আব্দুল ৰছিদ ওৰফে উকাবি বাজাউৰী নিহত হয়। উকাবি বাজাউৰী কুনাৰ প্ৰদেশৰ এখন সভাত অংশ ল'বলৈ গৈ থকা সময়ত তেওঁ এক লেণ্ডমাইনৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ তেওঁ এক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল।