ৰঙিয়াত অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তিনিদিনীয়াকৈ ৰূপায়িত হব লগা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে আহ্বান জনায় ।সংগঠন দুটাৰ ৰঙিয়া সমিতিৰ নেতৃবৃন্দই বিগত সময়চোৱাত অসমীয়া খিলঞ্জীয়া মুচলমান সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ অহা হেতুকে প্ৰকৃত স্বাধীনতা লাভ নকৰা বুলি উল্লেখ কৰে ।শেহতীয়াকৈ চৰকাৰে উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাবে সঞ্চালকালয়ৰ ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে নেতৃবৃন্দ ।যাৰ ফলশ্ৰুতিত অসমীয়া খিলঞ্জীয়া মুচলমান সকলে প্ৰকৃত স্বাধীনতা লাভ কৰা বুলি অভিহিত কৰি ৰাজ্যবাসীলৈ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে সজোৰে আহ্বান জনায় নেতৃবৃন্দই ।