গান্ধী জয়ন্তীৰ দিনা গোলাঘাট জিলাত প্ৰায় ৩ লাখ গছপুলি ৰোপণৰ বাবে প্ৰস্তুতি। অসমত ৰোপণ কৰা হ'ব ১ কোটি বাণিজ্যিক গছপুলি। ২০২৩ চনৰ ২ অক্টোবৰ, গান্ধী জয়ন্তীৰ দিনা অসমত এক কোটি বাণিজ্যিক গছপুলি ৰোপণৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভত আজি গোলাঘাট জিলাৰ জিলা সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সমিতিৰ অধ্যক্ষ তথা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত গোলাঘাট জিলাত প্ৰায় ৩ লাখ বাণিজ্যিক গছপুলি ৰোপণ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। উপায়ুক্তগৰাকীয়ে এই লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ ক্ষেত্ৰত আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকা, আৰক্ষী, গাঁওবুঢ়া, ছাত্ৰ-ছাত্ৰী সকলোকে জড়িত কৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জিলাখনৰ সকলো গাঁও পঞ্চায়ত কাৰ্যালয়, আৰক্ষী নিৱেশ, বিদ্যালয়, কেতবোৰ অংগনৱাড়ী কেন্দ্ৰ, ক্ৰীড়া আন্তঃগাঁথনি, চৰকাৰী কাৰ্যালয়, সীমান্ত চকী, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চাউনী, সকলো চৰকাৰী আৱাসগৃহ আদিত গছপুলি ৰোপণৰ বাবে পৰামৰ্শ আগবঢ়ায়। এই কাৰ্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত এটা উপযুক্ত পৰিকল্পনা যুগুত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। উপায়ুক্তগৰাকীয়ে লগতে গছপুলিসমূহৰ পৰিবহণ আৰু মজুতকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ গছপুলিসমূহৰ প্ৰতিপালন আৰু সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আজিৰ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী, গোলাঘাটৰ মাণ্ডলিক বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, জিলা ক্ৰীড়া বিষয়া বিমল গগৈ, ভূমি সংৰক্ষণ বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাট আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কমাৰগাঁৱত জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন
গোলাঘাট জিলাৰ কমাৰগাঁৱত ১১ ছেপ্টেম্বৰত কমাৰগাঁও অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সমলয়...
ગાંધીધામના એડવોકેટ મમતા આહુજાની શ્રેષ્ઠ કામગીરી
ગાંધીધામના એડવોકેટ મમતા આહુજાનુ વખાણદાયક કાર્ય એક કન્યાને મુશ્કેલીમાંથી બચાવી. વિસ્તારથી જાણવામાં...
কলাইগাওৰ গৰুবান্ধা উচ্চ ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰিলে বিধায়ক দুৰ্গাদাস বড়োই
কলাই গাঁৱৰ গৰুবান্ধা উচ্চ ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰিলে কলাইগাও সমষ্টিৰ বিধায়ক দুৰ্গাদাস...
કાલાવાડ તાલુકામાં 18 વર્ષ થી ઉંમરના 366 લોકોએ પ્રિકોશન ડોઝ લીધા.
કાલાવાડ તાલુકામાં 18 વર્ષ થી ઉંમરના 366 લોકોએ પ્રિકોશન ડોઝ લીધા.
The Moon, as viewed by Chandrayaan3 spacecraft during Lunar Orbit Insertion (LOI) on August 5, 2023
The Moon, as viewed by Chandrayaan3 spacecraft during Lunar Orbit Insertion (LOI) on August 5,...