শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত তথা ২০১৭চনৰ ৩জুলাইত বামুনবডীত স্থাপিত দৰ্শনা চিত্ৰকলা কাননৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে উল্লহ মালহেৰে পালন কৰা হয়।

         চিত্ৰশিল্পী তথা অকনিৰ কবিতা ঘৰ অসমৰ প্ৰাক্তন  ছাত্ৰী দৰ্শনা দেবীৰ দ্বাৰা অংকিত সহস্ৰাধিক চিত্ৰক লৈ ২০১৭চনত অকনিৰ কবিতা ঘৰ অসমৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰি দৰ্শনা চিত্ৰকলাৰ স্থাপন কৰা হৈছিল।

    সোমবাৰে পূবা কন কন শিশু সকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰাৰ লগতে কন কন শিশু সকলৰ দ্বাৰা গীত নৃত্য, কবিতা পাঠ কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰাৰ লগতে অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকিয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ, চিত্ৰশিল্পী দৰ্শনা দেৱী,প্ৰাক্তন শিক্ষক হিতৰাম ডেকা,ৰীনা দেৱী, ভূবন চন্দ্ৰ ডেকা,তীৰ্থনাথ শইকীয়া,বিজয়া বৰা,সমাজকৰ্মী দেৱজিত ডেকা সহ কন কন শিশু, অবিভাবক অবিভাবিকা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।দৰ্শনা চিত্ৰকলা কাননে জানিব দিয়ে যে অহা ১০জুলাইৰ পৰা ২০দিনীয়া চিত্ৰকলা কৰ্মশালা অনুষ্ঠিত হব।