বিত্তমন্ত্ৰী অজন্তা নেওগক গোলাঘাট গৌৰৱ বঁটা। আজি গোলাঘাট এমেচাৰ থিয়েটাৰ চাইটিৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপুৰ্ণ সভাত অনুষ্ঠানত এই বঁটা প্ৰদান কৰে নাৰায়নী সেনা আৰু সদৌ কোচ যুৱ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াই। নাৰায়নী সেনা অসমৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত আজি অনুষ্ঠিত কৰা হয় গোলাঘাট গৌৰৱ বঁটা আৰু কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। নাৰায়নী সেনাৰ কেন্দ্ৰীয় সভাপতি পৰাগ কোচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত গোলাঘাট সমষ্টিক ৰাজ্য খনৰ ভিতৰত জাকত জিলিকা কৰি তোলাত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা বিত্তমন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগক গোলাঘাট গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি নিজৰ অতিতক সোঁৱৰী ৰুমন্থন কৰা পৰিলক্ষিত হয় মন্ত্ৰী গৰাকী। বঁটা প্ৰদান অনুষ্ঠানৰ পাছত নগৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ নম্বৰ লৈ সুক্ষাতিৰে উৰ্ত্তীন হোৱা প্ৰায় ৫০ গৰাকী ছাত্ৰ ছাত্ৰীক ফোলাম গামোচা সম্বৰ্ধনা প্ৰত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনাই। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষন প্ৰদান কৰে নাৰায়নী সেনাৰ জিলা সেনাধ্যক্ষ সঞ্জীৱ ভড়ালীয়ে অনুষ্ঠানত জে বি কলেজৰ প্ৰবক্তা জ্যোতি ৰেখা হাজৰিকা, পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস, নাৰায়নী সেনাৰ কেন্দ্ৰীয় উপাধ্যক্ষ তথা প্ৰাক্তন খেলুৱৈ ৰানা শৰ্মা, জিলা বিজেপিৰ উপ সভাপতি অশোক বৰঠাকুৰ, সমাজকৰ্মী ৰূপা শইকীয়া, তৰালী গগৈ আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नड शहरामध्ये आज अनुलोम सखी मंच तर्फे महिलादिन उत्साहात साजरा
कन्नड दि 8 आज महिला दिनाचे औचित्य साधून अनुलोम सखी मंच तर्फे कन्नड शहरातील...
मुरुड तालुक्यातील महाळुंगे येथे सर्पमित्र राकेश काठे यांनी अजगरास दिले जीवदान
मुरुड तालुक्यातील महाळुंगे येथे सर्पमित्र राकेश काठे यांनी अजगरास दिले जीवदान
Aap Gujarat| Isudan Gadhvi declared as AAP CM face | ઇસુદાન ગઢવી આપનો હશે મુખ્યમંત્રી ચહેરો | Dpnews
Aap Gujarat| Isudan Gadhvi declared as AAP CM face | ઇસુદાન ગઢવી આપનો હશે મુખ્યમંત્રી ચહેરો | Dpnews
ગુરુ નાનક જન્મ જયંતી એટલે કે પ્રકાશ પર્વ ની ધામધૂમતી ઉજવણી કરે
આજરોજ દાહોદ ખાતે ગુરુ નાનક જન્મ જયંતી એટલે કે પ્રકાશ પર્વની ધામધૂમથી ઉજવણી કરાઈ હતી...
কি হ'ব নিবনুৱা সকলৰ?
ৰাজ্যত আকৌ আৰম্ভ হৈছে বৃহৎ কা আন্দোলন, AASU ৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য দেৱৰ নেতৃত্বত আকৌ আৰম্ভ...