বৰপেটা জিলাৰ জনীয়াত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্য হৈছে। মৃত্যু হোৱা যুৱকজন গুৰাইপাৰাৰ দুলাল আৰ্য্যৰ পুত্ৰ সঞ্জীৱ আৰ্য্য (৩০) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে সঞ্জীৱ আৰ্য্যই এটা মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয়।
লগে লগে তেওঁক বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল যদিও তাত তেওঁৰ মৃত্যু ঘটে।
 
  
  
  
  
   
   
  