গোলাঘাটত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" শুভাৰম্ভ।প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকলে সুবিধা লাভ কৰি উপকৃত হব পাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনীৰ জৰিয়তে প্ৰায় ২৬৩ কোটি টকা অসমৰ কৃষক সকলে লাভ কৰিছে। গোলাঘাট জিলাত সৰ্বমুঠ ১৬,১৮৪ জন কৃষকে প্ৰায় ১৬ কোটি ৫৩ হাজাৰ টকা বীমা কৰা কৃষকসকলে লাভ কৰিছে।" এই মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। আজি বোকাখাতত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত শস্য বীমা সপ্তাহৰ শুভাৰম্ভ কাৰ্যসুচীত অংশগ্ৰহন কৰি ৰাইজক উদ্দেশি নিজ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সু-ফল যাতে কৃষকে লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিষয়া আৰু বীমা কোম্পানীৰ বিষয়া সকলক আহ্বান জনায়। তদুপৰি অসম চৰকাৰৰ সহযোগত গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি এই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী অতুল বৰাদেৱে।এই উপলক্ষে বোকাখাতস্থিত পুৱতি সাহিত্য সভাৰ প্রেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ উপস্থিতিত মুঠ ১২ জন হিতাধিকাৰীক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন ৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাখনত অংশগ্ৰহন কৰি কৃষি মন্ত্ৰী অতুল বৰাই ৰাইজক উদেশ্য কৰি তেওঁৰ নিজা বক্তব্যত কৃষি যান্ত্ৰিকৰন, বাণিজ্যিক মূল্য থকা খেতি, ক্ষুদ্ৰ জলসিঞ্চন, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি, পুষ্টিকৰ খাদ্য হিচাপে মিলেট খেতি, প্ৰকৃতিক খেতি, জৈৱিক কৃষি, মাকৈ খেতিৰ জৰিয়তে আয়, অসমত দ্বৈত খেতি, কৃষকৰ আয় দুগুণ , পৰম্পৰাগত কৃষি আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। আজিৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই। জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য আগবঢ়াই। প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক নডেল বিষয়া দেৱজিৎ নেওগে ফচল বীমা যোজনাৰগুৰুত্ব ,কৃষকসকল সজাগ হোৱাৰ লগতে আঁচনী খনৰ বৈশিষ্ট্যসমূহ,হিতাধিকাৰী লাভান্বিত হোৱা দিশ সমূহৰ সন্দৰ্ভত উপস্থিত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত উৎপাদনৰ ক্ষতিৰ আধাৰত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ বাবে এক হেক্টৰ খেতি মাটি লৈ কৃষকে এশ টকাৰ বীমা মূল্য দিব লাগিব। গোলাঘাট জিলাৰ কৃষি বিষয়া ৰঞ্জিত শৰ্মাই জানিবলৈ দিয়ে যে এই প্ৰচাৰ অভিযানত গোলাঘাট জিলাখনৰ সকলো গাঁও পঞ্চায়তত এশ শতাংশ ৰূপায়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত বোকাখাটৰ মহকুমাধিপতি ড: নেহা যাদৱ,প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক পৰামৰ্শদাতা দেৱজিৎ নেওঁগ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া সূৰুয শইকীয়া আৰু বহুকেইটা বীমা কোম্পানীৰ বিষয়ববিয়া উপস্থিত থকাৰ লগতে প্ৰায় পাঁচ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian Navy के लिए DRDO ने बनाया खतरनाक हथियार, देखें वीडियो
Defence Research and Development Organisation (DRDO) ने देश की समुद्री सीमाओं की रक्षा के लिए एक...
বিজেপি চৰকাৰখনে ৰাষ্ট্ৰীয় পতাকাক লৈও ব্যৱসায় কৰিছে, এইখন চৰকাৰ বণিক গোষ্ঠীৰ চৰকাৰঃ দেৱব্ৰত শইকীয়া
মৰাণত আজি কংগ্ৰেছ বিধায়িনি দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰে...
বিবাহৰ সন্দৰ্ভত শুকুৰ আলিৰ স্পষ্টিকৰণ।।
সামাজিক মাধ্যমত শুকুৰ আলিৰ বিয়াৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে ভিন্ন ব্যক্তি য়ে...
स्काउट गाइड द्वारा रुमाल झपट्टा,लंगड़ी पव्वा सहित विभिन्न पारंपरिक खेलकूद प्रतियोगिताओ का आयोजन
खेल दिवस के उपलक्ष में राजस्थान राज्य भारत स्काउट एवं गाइड स्थानीय संघ कोटा दक्षिण के ग्रुप...
Honor X9b 5G: 5800mAh बैटरी वाले तगड़े फोन की आज हो रही एंट्री, गिरने पर नहीं टूटेगा डिस्प्ले; एडवांस टेक्नोलॉजी से लैस है स्क्रीन
ऑनर आज अपने ग्राहकों के लिए Honor X9b फोन लॉन्च करने जा रहा है। कंपनी का यह फोन एक तगड़ा डिवाइस...