সোণাৰিত বন্যহস্থীয়ে ক্ষতি কৰা লোকক বিধায়কৰ সহায়ৰ হাত।
সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰজাপুখুৰী গাঁও পঞ্চায়তৰ ২ নং লালতি পথাৰ গাঁওত যোৱা নিশা এটা হাতী জাকে গাঁওখনৰ কেইবাটাও বাসগৃহ ভাঙি ধ্বংসৰ কৰে ৷আজি উক্ত স্থানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱা লগতে উক্ত অঞ্চলটোৰ পৰিদৰ্শন কৰে ৷হাতী জাকে ভাঙি পেলোৱা বাসগৃহকেইটাগৰাকী হাতত কিছু সামগ্ৰী প্ৰদান কৰা হয় ৷
পৰিদৰ্শন কালত বিধায়কৰ সৈতে ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, বিজেপিৰ চৰাইদেউ জিলাৰ মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ উপস্থিত আছিল৷