কৃষিভূমিত কীটনাশক ব্যৱহাৰ তথা ইয়াৰ প্ৰয়োগৰ ৰোধৰ ওপৰত প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ বাবে সাজু হৈছে চৰাইদেউ জিলা কৃষি বিভাগ। আজি জিলা কৃষি বিভাগৰ 'District Level Task Force' সদস্যসকলে জিলাখনৰ ডিলাৰ, ৰাসায়নিক সাৰ, কীটনাশকৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু তথা খেতিয়কসকলৰ সৈতে এখন সজাগতা ও প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা মূলক সভাখনত কীটনাশক প্ৰয়োগ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ সন্দৰ্ভত কৃষক তথা বিক্ৰেতাসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে সাপেখাতি-২ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অভিজিত চেতিয়াই৷ অনুষ্ঠানটো উদ্বোধন কৰে জিলা কৃষি বিষয়া ৰবীন য়েইন ডাঙৰীয়াই৷ কৃষি উন্নয়ন বিষয়া ক্ৰমে নিলাক্ষী ঢেকিয়াল ফুকন, কল্পনা গগৈ আৰু জেৰিফা উল্লাহ। লগতে উপস্থিত থাকে বিভাগীয় বিষয়া কৰ্মচাৰী তথা কীটনাশকৰ ক্ষুদ্ৰ বিক্ৰেতা সকল।