"জীৱনৰ সতে" শীৰ্ষক নতুন প্ৰজন্মৰ বাবে শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ।

প্ৰথম সমল ব্যক্তি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শুভ্ৰজ্যোতি বৰা ।

নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই "জীৱনৰ সতে" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহন কৰিছে । এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে ছাত্র-ছাত্ৰী সকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে প্ৰস্তুতি, বিভিন্ন কাৰকৰী বিষয় সমূহৰ অধ্যয়ন , সংস্থাপন আৰু স্বনিয়োজন আদি বিষয় সমূহৰ ওপৰত বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিয়ে মাৰ্গদৰ্শন কৰিব । প্ৰতি মাহতে অনুষ্ঠিত হব লগা এই কাৰ্যসূচীৰ আজি প্ৰথম বৰ্গ শিমলুগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয় । আজি প্ৰথম বৰ্গৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই । সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকাই এটি শুভেচ্ছামূলক বক্তব্যৰে শুভাৰম্ভ কৰা আজিৰ বৰ্গত শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত সাতখন বিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা প্ৰায় এশ গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ প্ৰাকমূহুৰ্ত্বত নাজিৰা মহকুমা ছাত্র সন্থাৰ সম্পাদক প্ৰীতম বৰগোঁহাই আৰু শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সম্পাদক ক্ৰমে সুশান্ত শ‌ইকীয়া আৰু ননীমাধৱ দত্তই সমল ব্যক্তি শুভ্ৰজ্যোতি বৰাক গামোচা, চেলেং চাদৰ, শৰাই আৰু অভিনন্দন পত্ৰৰে আদৰণি জনাই । অনুষ্ঠানত বহুকেইগৰাকী শিক্ষাবিদেও অংশগ্ৰহণ কৰে । আজিৰ প্ৰথম কৰ্মশালাৰ বিষয়বস্তু আছিল সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষালৈ কেনেদৰে প্ৰস্তুতি চলাব । সমল ব্যক্তি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শুভ্ৰজ্যোতি বৰাই নিজৰ অভিজ্ঞতাৰে অতি সহজ সৰল ভাষাৰে এই পৰীক্ষা সমূহৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব তাৰ কৌশল সমূহ দাঙি ধৰে । আজিৰ অনুষ্ঠানত সদ্য ফলাফলঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত নৱম স্থান অধিকাৰ কৰা কাশ্যপ গগৈয়েও ছাত্র-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে । অনুষ্ঠানৰ আঁত ধৰে শিক্ষক প্ৰণৱজ্যোতি দত্তই ।