কভিড টিকাকৰণ, কভিডকালীন সময়ত আগশাৰীৰ যোদ্ধাৰূপে লোৱা ভূমিকা, প্ৰসূতি আৰু শিশুৰ টিকাকৰণকে ধৰি চিকিৎসা সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা দৰং জিলাৰ অন্যতম চিকিৎসালয় মঙলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ “ৰোগী কল্যাণ সমিটি’ (আৰ কে এছ) খন আজি নতুনকৈ পুনৰ্গঠন হয়৷ এই উপলক্ষে আজি চহৰখনৰ তিনি নম্বৰ ৱাৰ্ডৰ শান্তিপুৰত অৱস্থিত চিকিৎসালয় খনত হোৱা এখন গুৰুত্বপূৰ্ণ সভাত নতুনকৈ আৰ কে এছ গঠন কৰা হয়৷

স্বাস্থ্য বিষয়া ডা° বিজিত চহৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত পৌৰপতি নিৰ্মালী দেৱীক সভাপতি, উপ-পৌৰপতি অচ্যুত দাসক উপ-সভাপতি, ডা° বিজিত চহৰীয়াক সদস্য সচিব আৰু সদস্যৰূপে পৌৰসভাৰ খণ্ড আয়ুক্ত স্বপন কুমাৰ ঘোষ, খণ্ড আয়ুক্ত আব্দুল জলিল, সাংবাদিক হেমন্ত কুমাৰ বৰুৱা আৰু দুলাল ডেকা, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নিভা কলিতা, প্ৰধান শিক্ষক গৌতম শৰ্মা, বিষয় শিক্ষক হিতেশ হাজৰিকা, সহকাৰী অধ্যাপক বিজয় কুমাৰ বৰুৱাক লৈ নতুন সমিটিখন গঠন কৰা হয়৷

পৌৰপতি নিৰ্মালি দেৱীয়ে সভাপতিত্ব কৰা আৰু গাণনিক পূৰ্ণজ্যোতি চহৰীয়াই আঁত ধৰা সভাখনত চিকিৎসালয়খন অলপতে হৈ যোৱা বানপানীৰ কৱলত হোৱা বিস্তৰ ক্ষয়ক্ষতিৰ লগতে প্ৰৱেশদ্বাৰৰ নলা-নৰ্দমা নিৰ্মাণ, চিকিৎসাৰ আচবাব ক্ৰয় কৰা, ৰোগীসকলক পাৰ্যমানে সেৱা আগবঢ়োৱা আদিৰ বিষয়ত আলোচনা কৰা হয়৷ আনহাতে কভিড অতিমাৰীৰ সময়ত আগশাৰীৰ যোদ্ধাৰ ভূমিকা লোৱা চিকিৎসালয়খনৰ দুগৰাকী সদস্য ক্ৰমে গাণনিক পূৰ্ণজ্যোতি চহৰীয়া আৰু নাৰ্চ দেৱীক প্ৰধানমন্ত্ৰীয়ে অলপতে প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰা বিষয়টোত সভাই আনন্দ প্ৰকাশ কৰি দুয়োগৰাকীক উষ্ম সম্ভাষণ জ্ঞাপন কৰে৷