সোণাৰিত অঘটন। সোণাৰিত নৈত গা ধুবলৈ গৈ এজন লোক সন্ধানহীন

সোণাৰি নগৰৰ ৯ নং ৱাৰ্ড ভৱানীপুৰ অঞ্চলৰ এজন লোক আজি টাউকাক নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে । প্রাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ বাবুল চন্দ (৬৭) ই আন দিনৰ দৰে আজিও আজি দুপৰীয়া সময়ত ঘৰৰ সমীপতে থকা টাউকাক নৈত গা ধুবলৈ যায় আৰু দ পানীত সন্ধানহীন হৈ পৰে । সন্দৰ্ভত পৰিয়ালৰ লোকে সোণাৰি আৰক্ষী থানাত অৱগত কৰাত এচডিআৰএফে স্থানীয় ৰাইজৰ সহযোগত নৈখনত অভিযান চলাই আছে যদিও এই বাতৰি লিখা পৰ লৈকে লোকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।