সোণাৰিৰ লালটি পথাৰ গাঁৱত বন্যহস্তীয়ে অনিষ্ট কৰা দুটি পৰিয়ালৰ কাষত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।

ৰজা পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং লালটি পথাৰ গাঁৱত বন্য হস্তীৰ জাক আহি দুটাকৈ ঘৰ বিস্তৰ ক্ষতি সাধন কৰে। সম্পূৰ্ণৰূপে ধ্বংস কৰা কেইটা দলীয় কাৰ্যকৰ্তাক লগত লৈ সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে পৰিদৰ্শন কৰা লগতে খৰতকীয়াকৈ নিৰ্মানৰ ব্যৱস্থা কৰে। নিৰ্মাণ কৰিবলৈ যাৱতীয় খৰছ বহনৰ দায়িত্ব বহন কৰা উপৰিও উপস্থিত গাঁও ৰাইজক ঘৰ কেইটা সজাত সহায় কৰিবলৈ আহ্বান জনায়। উপযুক্ত ক্ষতিপূৰন দিয়াৰ বাবে বিভাগীয় দুৰ্যোগ প্ৰশমন বিভাগৰ লগত যোগাযোগ কৰা কথা ক্ষতি গ্ৰস্ত পৰিয়ালক অৱগত কৰে। এই পৰিদৰ্শন কাৰ্যত তেখেতৰ লগ দিয়ে ৰজাপুখুৰি গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ লগতে বহু কেইজন স্থানীয় দলীয় কাৰ্যকৰ্তাই।