অসম জ্যেষ্ঠ নাগৰিক সন্মিলন,ৰহা শাখাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়।

   ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত আজি পূবা ৯বজাত ২০১৫চনত স্থাপিত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা ৰ উপলক্ষে শাখাৰ সভানেত্ৰী মনোৰমা ভুঞা ৰ দ্বাৰা পতাকা উওোলন কৰি শুভাৰম্ভ কৰাৰ লগতে কাৰ্য্যকৰী সভাপতি জতিন্দ্ৰ কুমাৰ পাৰৈয়ে বন্তি প্ৰজ্বলন, প্ৰাক্তন সভাপতি ক্ৰমে ৰমনি কুমাৰ ভূঞা,কমল চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পন কৰে।তাৰপাছত সন্মিলনৰ শীৰ্ষ গীত পৰিবেশন কৰাৰ পাছত ২০১৫চনৰ পৰা আজিলৈকে স্বৰ্গগামী হোবা সন্মিলনিৰ ২৮ জন সদস্য, সদস্যা সকলক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি স্মৰণ কৰাৰ লগতে আত্মাশান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।তাৰ পাছত ৰহা শাখাৰ সভানেত্ৰী মনোৰমা ভুঞা ৰ সভাপতিত্বত আৰু সম্পাদক বিমোৱা ৰাজবংশী ৰ উদ্দেশ্য ব্যাখ্যা আৰু বাৰ্ষিক প্ৰতিবেদন পাঠৰে অনুষ্ঠিত হোবা সাধাৰণ সভা ত ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলনিৰ সাংগঠনিক সম্পাদক মনিৰাম নাথ, কাৰ্য্যনিৰ্বাহক সদস্য ভদ্ৰকান্ত নাথ উপস্থিত থাকি সভা সম্বোধন কৰাৰ লগতে সভাত ৰহা শাখা ৰ উপদেষ্টা ভগৱান চন্দ্ৰ গোস্বামী, প্ৰাক্তন সভাপতি ৰমনি কুমাৰ ভূঞা, কমল চন্দ্ৰ শৰ্মা উপস্থিত থকাৰ লগতে কাৰ্য্যনিৰ্বাহক সভাত লোবা প্ৰস্তাৱ সাধাৰন সভালৈ প্ৰেৰন কৰে আৰু সাধাৰন সভাই প্ৰস্তাৱ অনুমোদন জনাই।কাৰ্য্যনিৰ্বাহক সভাই ৰহা শাখাৰ ডায়ৰেকটৰি প্ৰস্তুত আৰু ৰহাত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লয় আৰু ৰাজ্যিক সমিতিৰ অনুমোদন ৰ বাবে  প্ৰস্তাৱ জিলা সমিতিৰ জৰিয়তে ৰাজ্যিক সমিতিলৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে।

 দুপৰীয়া ১বজাত সভাপতি মন্তব্য আৰু জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সমাপন কৰা হয়।