মাৰৱাৰী যুৱ মঞ্চ, ৰহা শাখাৰ উদ্যোগত আৰু জি বি ডি ৰমেশ গোয়েল সেবা সংস্থান কলকাতাৰ সহযোগত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৰ আয়োজন কৰা হয়।

     ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ বাকৰিত ত আজি পূবা ১০ বজাত মাৰবাৰী যুব মঞ্চ ৰহা শাখাৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৰ ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰোয়ে উদ্বোধন কৰি মাৰবাৰী যুব মঞ্চ ৰ এই পদক্ষেপ ৰ শলাগ লৈ কয় যে এই শিবিৰৰ পৰা আৰ্থিক ভাবে দুৰ্বল জনতা লাভান্বিত হব।ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি আৰু ৰহা মাৰবাৰী যুব মঞ্চ ৰ সভাপতি শিব কুমাৰ শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা উপস্থিত থাকি যুব মঞ্চ ৰ এই পদক্ষেপ ৰ আদৰনী জনাই।লগতে সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা উপস্থিত থাকি যুব মঞ্চ ৰ দ্বাৰা বিভিন্ন উন্নয়ন মূলক কাৰ্য্যৰ শলাগ লয়।উদ্বোধনি অনুষ্ঠান ৰ পাছত বি ডি জি ৰমেশ গোয়েল সেবা সন্থা কলকাতা ৰ পৰা অহা লোটাচ টিমটি মেডিকেল বাহনত অহা চিকিৎসক ৰ দলে বৃহতৰ ৰহা অঞ্চল ৰ ৯০ বয়সৰ লগতে সকলো বয়সৰ শতাধিক পুৰুষ, মহিলা,যুৱক যুবতী ৰ লগতে শিশু সকলৰ দাঁত,চকু,ইএনটি, পৰীক্ষা কৰি পৰামৰ্শ দিয়াৰ লগতে প্ৰয়োজনিয় সকলক ওষধ প্ৰদান কৰাৰ লগতে মেডিকেল বাহনত ইচিজি,এক্স ৰে,সাধাৰণ স্বাস্থ্য বহিঃ বিভাগ,পেথলজিকেল লেব্ৰটেৰিৰো ব্যবস্থা আছিল।শিবিৰত ৰহা মাৰবাৰী সমাজৰ নৰসিংহ আগৰৱলা,বিষ্ণু খেতান,ৰহা মাৰবাৰী যুব মঞ্চ ৰ সভাপতি শিব কুমাৰ শৰ্মা,সম্পাদক আশিষ চেঠিয়া,প্ৰাক্তন সভাপতি ৰাহুল পোদ্দাৰ, সম্পাদক ৰোহিত চেঠিয়া, কোষাধ্যক্ষ ৰাজেশ প্ৰজাপত,সদস্য সন্দীপ খেতান,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, ৰহা মাৰবাৰী যুব মঞ্চ ৰ মিডিয়া উপদেষ্টা তথা সাংবাদিক চয়েল খেতান সহ সদস্য সদস্যা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।