অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা সম্পন্ন। আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি আজি গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত নাহৰজান চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক এখন সজাগতা সভাৰ আয়োজন কৰা হয়। নাহৰজান চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুল চবৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সজাগতা সভাখনত প্ৰায় ১০০ গৰাকী শিক্ষার্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা, অংগনাদী কৰ্মী সকলেও উক্ত সভাত অংশগ্ৰহণ কৰে। সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে ছাত্র-ছাত্ৰীক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়। আজিৰ এই মিলেটৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে।তেওঁ মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। উল্লেখযোগ্য আজিৰ এই সজাগতা সভা খনত প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে।সজাগতা সভাৰ শেষত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগক গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, মিলেট বানিজ্যিক কাৰ্য্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arvind Kejriwal Latest News: वकील सिंघवी ने किया Kejriwal की गिरफ्तारी का विरोध | Rouse Avenue Court
Arvind Kejriwal Latest News: वकील सिंघवी ने किया Kejriwal की गिरफ्तारी का विरोध | Rouse Avenue Court
PM Modi Interview: चुनाव से पहले PM Modi का विस्फोटक इंटरव्यू | Aaj Tak
PM Modi Interview: चुनाव से पहले PM Modi का विस्फोटक इंटरव्यू | Aaj Tak
अतिक्रमण को लेकर ग्रामवाशियों ने लगाई उपखण्ड अधिकारी को गुहार.
उनियारा.उपखण्ड की ग्राम पंचायत पलाई की अनदेखी व घोर लापरवाही के चलते हुए कस्बें के सरकारी स्कूल...
দৰং ৰ ছিপাঝাৰত মুকলি বিহু উপলক্ষে আটকধুনীয়া আদৰণী প্ৰতীক পট প্ৰস্তুত
মুকলি বিহু উপলক্ষে দৰং ৰ ছিপাঝাৰ ঢেকীপাৰা (পাটগিৰী চুবা) ত লোকজীৱনৰ সমল সমূহৰ সংমিশ্ৰণত অনুভৱী...