ষ্টেচনলৈ যোৱাৰ প্ৰৱেশ আৰু প্ৰস্থান পথ বিচাৰি ৰেল যাত্ৰী বিবুধিত। হোজাই ৰেল ষ্টেচনলৈ যোৱাৰ সকলো পথ বন্দ কৰি ৰেল বিভাগে উৰণীয়া সেতু নিৰ্মান কৰি থকাত এই সমস্যা সৃষ্টি হৈছে ৰেল যাত্ৰীৰ মাজত।

কেৱল এয়াই নহয় যি সৰু পথ এটা খোলা ৰাখিছে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে সেই পথছোৱাও হৈ আছে জৰাজীৰ্ণ। ইফালে কিছুদিন পূৰ্বে নিৰ্মান হৈ যোৱা ষ্টেছন চৌহদৰো হৈ আছে তথৈবচ অৱস্থা। ষ্টেছন চৌহদত আছে পুখুৰী আকাৰৰ ডাঙৰ ডাঙৰ গাত। সেই গাত বোৰ মেৰামতি নকৰাত বাহন এখন সুমোৱাও হৈ পৰিছে সমস্যাৰ।

অন্যহাতে ষ্টেচনৰ শৌচাগাৰৰ পানীও পথত জমা হৈ থকাত সেই পানী গচকী দুগন্ধৰ মাজেৰে অহা যোৱা কৰে ৰেল যাত্ৰীয়ে। মুঠৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ নামত ৰেল যাত্ৰীক পনবন্ধী কৰি সকলো পথ বন্ধ ৰাখি শৌচাগাৰৰ পানী গচকী ৰেল যাত্ৰীয়ে অহা যোৱা কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ফলত ষ্টেচন চৌহদৰ জৰাজীৰ্ণ অৱস্থা মেৰামতি কৰি ৰেল যাত্ৰীৰ অহা যোৱাৰ বাবে এটা ভাল পথ মুকলি কৰাৰো দাবী ৰাইজৰ।