সাহিত্য হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰুপ ৷ সাহিত্যৰ মাজেদি এটা জাতিৰ অতীত, বৰ্তমান তথা ইয়াৰ ঐতিহ্য বিশ্বৰ জনমানসত প্ৰকাশিত হয় ৷ গতিকে আমি সকলোৱে সাহিত্যৰ সৃষ্টি কৰি জাতিটোৰ ভাষা- সংস্কৃতি জীয়াই ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ, ৰাজ্যিক ভাষা প্ৰয়োগ সমিতিৰ সম্পাদক গণেশ চন্দ্ৰ নাথৰ ৷ বাক্সা জিলাৰ আনন্দপুৰ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলনত মুখ্য অতিথি হিচাপে অংশ লৈ তেওঁ পুনৰ কয় যে অসম সাহিত্য সভাই আজীৱন সভ্য ভৰ্তিৰে সাহিত্য সভাৰ যি ন্যাস পুঁজি গঠনৰ প্ৰচেষ্টা চলাই আছে সেয়া এক প্ৰশংসনীয় পদক্ষেপ ৷ যাৰ জৰিয়তে সভা আৰ্থিক ভাৱে সচ্চল হ'ব ৷ বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ সভাপতি মনিৰাম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নেহৰু আঞ্চলিক হাইস্কুল, দেৱচাৰা-থানগুৰিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন চন্দ্ৰ দাসে ৷ সন্মিলনত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে বাক্সা জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কামদেৱ দাসে ৷

দাসে ভাষন প্ৰসংগত বৰিমাখা আঞ্চলিক সাহিত্য সভাই আজীৱন সভ্য সকলক একত্ৰিকৰণ কৰি এখন সভা অনুষ্ঠিত কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে ৷ তেওঁ কয় যে এনে সন্মিলনে এটা শাখা সভাক গতিশীল কৰাৰ লগতে শক্তিশালীও কৰি তোলে ৷ লগতে তেওঁ সাহিত্য সৃষ্টিৰ জড়িয়তে অসমীয়া ভাষাক অধিক মজবুত কৰি তুলিবলৈও আহ্বান জনায় ৷ বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ সম্পাদক মনোহৰ ৰাজবংশীয়ে আঁতধৰা সভাত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰ, বিশিষ্ট কবিদ্বয় গৌতম ৰাভা, চন্দন মেধি, জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ সভাপতি হলধৰ কুমাৰকে ধৰি শতাধিক সাহিত্যানুৰাগী উপস্থিত আছিল ৷ উল্লেখ্য যে আজি এই সন্মিলনত আঞ্চলিক সাহিত্য সভাৰ অন্তৰ্গত ৭৭ গৰাকী আজীৱন সভ্যক ফুলাম গামোচা, গ্ৰন্থৰে সম্বৰ্ধনা দিয়াৰ লগতে আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷