সমষ্টিৰ খচৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ঢকুৱাখনাৰ বৰ্ষামুখ আৰু সোৱণশিৰি পঞ্চায়তবাসী৷

কিয়নো লখিমপুৰ জিলাত পূৰ্বতে আছিল চাৰিখন বিধানসভা সমষ্টি৷

শেহতীয়াকৈ ৰঙানদী সমষ্টি নামেৰে আন এখন সমষ্টি গঠন কৰি৷এইবাৰ কৰা হৈছে ৫টা কৈ সমষ্টি৷

প্ৰয়োজন হলে আত্মজাহ দিম তথাপিও ঢকুৱাখনা সমষ্টিৰ পৰা নাওবৈচা সমষ্টিলৈ নাযাওঁ।

নিৰ্বাচন আয়োগে ঢকুৱাখনা বিধান সভা সমষ্টিৰ পৰা ২০ খনকৈ গাঁৱক নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ বিৰোধিতা কৰিছে সোৱণশিৰি আৰু বৰ্ষামুখ বাসীয়ে।

আজি ৰেঙাম সোৱণশিৰি কলেজত আয়োজিত সৰ্বদলীয় সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে সচেতন ৰাইজে।

ৰাজনৈতিক ষড়যন্ত্ৰ আলম লৈ কি কাৰণে ঢকুৱাখনা সমষ্টিৰ পৰা ২০ খনকৈ গাঁৱক নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰিলে তাকে লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৰাইজৰ মাজত।

নিলগতে থকা ঢকুৱাখনা সমষ্টিৰ পৰা কেতিয়াও নাওবৈচা সমষ্টিৰ লৈ নাযায় বুলি হুংকাৰ প্ৰদান কৰিছে অঞ্চলবাসীয়ে।