নগাঁও নিবাসী পাপু পেটেল নামৰ যুবক সোমবাৰৰ পৰা নগাঁও শিব মন্দিৰৰ পৰা সকলোৰে মংগল কামনা আৰু বিশ্বশান্তিৰ বাবে কেদাৰনাথ ধামলৈ পদযাত্ৰা আৰম্ভ কৰিছে।

    সোমবাৰে নগাঁও ৰ পৰা পদযাত্ৰা আৰম্ভ কৰি ২৫কিলোমিটাৰৰ পথ অতিক্ৰম কৰি ৰহা ত উপস্থিত হয় আৰু সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে প্ৰত্যেক দিন ৩০ৰ পৰা ৪০কিলোমিটাৰ পথ অতিক্ৰম কৰি কেদাৰনাথ ধামত উপস্থিত হৈ মহাদেৱ ৰ দৰ্শন কৰিব।উল্লেখ যে কেদাৰনাথ ধামৰ দুৰত্ব ২৪২১কিলোমিটাৰ।