যোৱা ২৪ জুন পৰা ২৬ জুনলৈ গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত হোৱা ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত অন্বেষা খনিকৰে ৫০ মিটাৰ ৱাটাৰ সোণৰ পদক লাভ কৰি অসমৰ লগতে শিৱসাগৰ লৈ গৌৰৱ কঢ়িয়াই আহিব সক্ষম হৈছে। অন্বেষা শিৱসাগৰ জয়সাগৰৰ ৰিভাৰ একোৱাটিকছৰ প্ৰশিক্ষাৰ্থী।
গুৱাহাটীত অনুষ্ঠিত হোৱা আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ ভাগ লৈ ৰিভাৰ ডলফিন একোৱাটিকছৰ অন্বেষা খনিকৰে ছোৱালী শাখাত ৫ টাকৈ সোণৰ পদক বুটলি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। উল্লেখযোগ্য যে আধুনিক সা-সুবিধা অবিহনে মাত্ৰ কেইগৰাকীমান শিক্ষাৰ্থী লৈ তিনিমাহ পূৰ্বে আৰম্ভ কৰা জয়সাগৰ চিপাহী গাওঁৰ ‘ৰিভাৰ ডলফিন একোৱাটিকছ’ নামৰ এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত এনে সফলতাত উৎফুল্লিত হৈছে ৰিভাৰ ডলফিন একোৱাটিকৰ উদ্যোগতা লগতে শিৱসাগৰ বাসী ৰাইজ।