সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰহা শাখাই সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা ৰ ৮৬সংখ্যক ওপজা দিন সাধু কথাৰ দিন ৰুপে উদযাপন কৰে।

       ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত আজি ৰহা শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ৰহা নিবাসী সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা ৰ ওপজা দিন সাধু কথাৰ দিন ৰুপে উদযাপন কৰি শুভেচ্ছা জনোবাৰ লগতে সু স্বাস্থ্য আৰু দিৰ্ঘায়ুৰ কামনা কৰে।

    এই উপলক্ষে ৰহা শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দ্বিপ্তী দেবী শৰ্মাৰ সভাপতিত্বত আৰু সম্পাদিকা স্বৰ্নলতা ভূঞা ৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত অনুষ্ঠানত ৰহা জ্যেষ্ঠ নাগৰিক সন্থা, নাট্য সন্মিলন আৰু ৰহা শাখা লেখিকা সমাৰোহ সমিতিয়ে ওপজা দিনৰ শুভেচ্ছা জনোৱা ৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাধু কোৱা প্ৰতিযোগিতা ৰ আয়োজন কৰে আৰু বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰে।প্ৰতিযোগিতাত বিচাৰক ৰূপে বিজয়া গগৈ, ইলী ভূঞা আৰু ড° নিৰলা দেবী উপস্থিত থকাৰ লগতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ আৰু ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবীয়ে সাধু কেনেকৈ কয় তাৰ ওপৰত বক্তব্য ৰাখে আৰু সাবিত্ৰী শইকিয়া দাস আৰু স্বৰ্নলতা ভূঞাই গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।বিভিন্ন বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী ,ছাত্ৰ ছাত্ৰী সকলৰ লগতে ৰহা জ্যেষ্ঠ নাগৰিক সন্থা,নাট্য সন্মিলন ৰ লগতে গনমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত অতিথি ৰূপে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমলচন্দ্ৰ শৰ্মা উপস্থিত থাকি মনোৰমা ভুঞা ক ওপজা দিনৰ শুভেচ্ছা জনোৱা ৰ লগতে সম্বোধন কৰাৰ লগতে সভাপতি সম্বোধন আৰু জাতীয় সংগীত পৰিবেশন কৰি অনুষ্ঠানতৰ সমাপন কৰা হয়।