অৱশেষত গ্ৰেপ্তাৰ হ'ল আচাৰ্য পংকজ পাঠক। বৰপেটা জিলাৰ হাউলী কালঝাৰৰ পৰা গ্ৰেপ্তাৰ পংকজ পাঠক৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে৷

বুধবাৰে বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত আশ্ৰয় লৈ আছিল পংকজ পাঠকে৷ পিচলৈ কালঝাৰৰ এজন লোকৰ ঘৰত পংকজ পাঠকে নিশাটো কটোৱাৰ পৰিকল্পনা কৰে। মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কালঝাৰত আত্মগোপন কৰি থকাৰ সময়তে বৰপেটা আৰক্ষীয়ে কিছু সময় পূৰ্বে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰে।

ধৃত পংকজ পাঠকক সম্প্ৰতি বৰপেটা সদৰ থানাত ৰখা হৈছে যদিও নিশাই গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰাৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেবাটাও গোচৰ৷ উক্ত গোচৰৰ ভিত্তিতেই পংকজ পাঠকক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীয়ে ৰাজ্যজুৰি চলাইছিল তীব্ৰ অভিযান৷ কিন্তু পলাতক পংকজ পাঠকক বিচাৰি উলিয়াব পৰা নাছিল অসম আৰক্ষীয়ে৷ অৱশেষত হাউলীৰ কালঝাৰৰ পৰা পংকজ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷