কাম দিয়াৰ প্ৰলোভনেৰে পুনৰ দুগৰাকী নাবালিকাক গুজৰাটৰ মাছ ফেক্টৰীত নিব ওলোৱা দুজন যুৱকক আটক দৰঙামেলা আৰক্ষীৰ। অঞ্চলটোৰ পৰা দুগৰাকী নাবালিকাক কাম দিয়াৰ প্ৰলোভনেৰে গুজৰাট নিব ওলোৱাত আটক কৰে যুৱক দুজনক। যুৱক দুজনৰ নাম দিলীপ বৰ্মন(৩১),আৰু বিক্ৰম বৰ্মন(২০)।

আজি ৰেল যোগে গুজৰাটলৈ নিয়াৰ পৰিকল্পনাঃ আছিল দলটোৰ। এক সূত্ৰৰ দ্বাৰা যুৱক দুজনক গাঁওৰ পৰাই আটক কৰে দৰঙামেলা আৰক্ষীয়ে। সম্প্ৰতি সোধা-পোছৰ বাবে দৰঙামেলা আৰক্ষী চকীত ৰাখিছে দুয়োগৰাকী যুৱকক।ইয়াৰ পূৰ্বেও দৰঙামেলা আৰক্ষীয়ে এনে বহু চক্ৰৰ পৰা উদ্বাৰ কৰিছে বহু নাবালিকাক।