ডিব্ৰুগড় ৭ আগষ্ঠঃ অসমত অন্তিমখন মাদ্রাছা থকালৈকে জেহাদী নির্মাণ হৈয়ে থাকিব।কাৰণ এই মাদ্রাছা সমুহত এটি শিশুক সুনাগৰিক কৰি গঢ়ি তোলাৰ বিপৰীতে একো একোজন দুধৰ্ষ জেহাদী হিচাপেহে গঢ়িতোলা হয়। গতিকে অসমত জেহাদী নির্মূল কৰিবলৈ হলে প্ৰতিখন মাদ্ৰাছা নিষিদ্ধ কৰিব লাগিব। এই মন্তব্য হিন্দুযুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যৰ।

আজি ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ স্থিত হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ জিলা কাৰ্য্যালয়ত অনুষ্ঠিত এখন সাধাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বৈশ্যই এনে মন্তব্য কৰি কয় যে হিন্দু যুৱ-ছাত্ৰ পৰিষদ অসমে২০১৫ চনৰ ৮ আগষ্ঠত তদানিন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংক স্মাৰক পত্ৰ প্ৰদান কৰি অসমত সকলোধৰনৰ মাদ্ৰাছা নিষিদ্ধ কৰাৰ বাবে দাবি জনাইছিল। কিন্তু কেন্দ্রীয় চৰকাৰে তথা অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰনৰ পদক্ষেপ নোলোৱাৰ ফলতে আজি কাঠফুলৰ দৰে অসমত জেহাদী গজি উঠিছে বুলিও সভাত মন্তব্য কৰে বৈশ্যই। প্রায় অর্ধশতাধিক যুৱকৰ উপস্থিতিত অনুস্থিত হোৱা সভাখনতে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ অধিবেশনৰ দিন নিৰ্দ্ধাৰন কৰা হয়। আগন্তক ১১ চেপ্তেম্বৰত অনুষ্ঠিত হবলগীয়া জিলা অধিবেশনৰ  বাবে এখন ১৩ জনীয়া আহবায়ক সমিতি গঠন কৰা হয়।

সৌৰভ কুমাৰ শৰ্মা আৰুধ্রবজ্যোতি গগৈ মুখ্য আহবায়ক হিচাপে লৈ সুৰজ শ্বাহ, দিপক সিং, অভিনব দেৱান, বিবেক শ্বাহ, অর্জুন নায়ক, অমন শ্বাহ, বিকাশ ৰায়, কমলজিত ৰয়, ৰাজেশ যাদৱ, বিটু দেবনাথক আহবায়ক হিচাপে লৈ আহ্বায়ক সমিতি খন গঠন কৰা হয়।