বিলালীপাৰাত এগৰাকী অধিবক্তাই এগৰাকী যুৱ ব্যবসায়ীৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অভিযোগ। যুৱ ব্যবসায়ীৰ এজাহাৰ দাখিল।

বিলাসীপাৰাত অধিবক্তাৰ নাভূত-নাশ্ৰুত কাণ্ড। বিলাসীপাৰাত আইনৰ ৰক্ষকেই আইন ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিলাসীপাৰা মহকুমা আদালতৰ অধিবক্তা ছাঈদ হাবিবুল ইছলামে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সদস্য তথা বিলাসীপাৰাৰ এগৰাকী যুৱ ব্যবসায়ীৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অভিযোগ উঠিছে। মিঠুন ৰায় নামৰ এজন যুৱ ব্যবসায়ীৰ নামত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ পিছতেই আইনৰ কাষ চাপিছে ব্যবসায়ীজন। ইতিমধ্যে মিঠুন ৰায়ে অধিবক্তা ছাঈদ হাবিবুল ইছলামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত দাখিল কৰিছে এজাহাৰ। মিঠুন ৰায়ে অধিবক্তাজনৰ সদস্যপদ বাতিল কৰাৰ লগতে ছাঈদ হাবিবুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে।