Slug- Bilasipara. Student's Deadbody Recover.*

_*Anchor- বিলাসীপাৰাৰ গৌৰাং নৈত স্কুলীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো বামুণ গাঁৱৰ হবিবৰ ৰহমানৰ জীয়েক ছোহানা পাৰবিন (৯) বুলি জানিৱ পৰা গৈছে। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ছোহানা যোৱা শুকুৰবাৰে বিদ্যালয়ত যোৱাৰ পিছত ঘৰলৈ উভতি অহা নাছিল। পিছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল ছোহানাৰ। অবশেষত বিলাসীপাৰাৰ গৌৰাং নৈৰ পৰা উদ্ধাৰ কৰা হয় ছোহানা পাৰবীনৰ মৃতদেহ। বিলাসীপাৰা আৰক্ষীয়ে ছোহানাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে। ঘটনাটিয়ে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।॥*_