২০ জুনৰ পৰা গোলাঘাটত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা: বিশাল প্ৰস্তুতি, অংশ ল'ব ৰাছিয়া,কলোম্বীয়া,স্পেইন,ব্ৰাজিল,কিউবা,চিলি,কস্তোৰীকা,বাংলাদেশৰ পুৰুষ-মহিলা ভক্তই।গোলাঘাট নগৰত পোন-প্ৰথমবাৰৰ বাবে অহা ২০ জুনৰ পৰা ২৮ জুনলৈ অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা । ৰথ যাত্ৰাৰ প্ৰস্তুতি সম্পৰ্কত আজি উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি প্ৰদীপ বাকলিৱাল, সম্পাদক মহেন গগৈয়ে এক সংবাদমেল সম্বোধন কৰে । বিশাল আয়োজনেৰে প্ৰস্তুতি পূৰ্ণ গতিত অব্যাহত থকাৰ কথা সংবাদমেলত প্ৰকাশ কৰে । ইচকন মায়াপুৰ,নামহট্টৰ দ্বাৰা অনুমোদিত উক্ত ৰথ যাত্ৰা কাৰ্যসূচী ২০ জুনৰ বিয়লি প্ৰায় ৩-৩০ বজাত গোলাঘাট শ্ৰীমন্ত নগৰৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি নগৰৰ ষ্টেচন ৰোড বেতমহলৰ সমিপৰ কালিবাৰী মন্দিৰলৈ ৰাওনা হ'ব ।উক্ত কালিবাৰী মন্দিৰতে ২৮ জুন পৰ্য্যন্ত অনুষ্ঠিত হ'ব ৰথ যাত্ৰাৰ কাৰ্যসূচী, মহাযজ্ঞ আৰু সংকীৰ্ত্তন। ৰথ যাত্ৰা আৰু সংকীৰ্ত্তনত অসমৰ লগতে ৰাছিয়া,কলোম্বীয়া,স্পেইন,ব্ৰাজিল,কিউবা,চিলি,কস্তোৰীকা আৰু বাংলাদেশৰ পুৰুষ-মহিলা ভক্তই অংশগ্ৰহণ কৰি আধ্যাত্মিক পৰিৱেশেৰে সমগ্ৰ গোলাঘাট নগৰ মুখৰিত কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰে । কাৰ্যসূচীত উপস্থিত থাকিব ইছকন মায়াপুৰ নামহট্টৰ বিষয়ববীয়া তথা জ্যেষ্ঠ ভক্ত । ২০ জুনৰ ৰথ যাত্ৰা কাৰ্যসূচী শুভ উদ্বোধন কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা অসম সমবায় এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে ।শ্ৰীশ্ৰী জগন্নাথ ৰথ ষ্টেচন ৰোড কালিবাৰীত শুভাগমন হোৱাৰ পাচত অনুষ্ঠিত হ'বলগীয়া মাংগলিক পৰ্বত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গোলাঘাট সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে । ২৮ জুন পৰ্য্যন্ত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত কৃষি মন্ত্ৰী অতুল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাচাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । গোলাঘাট নগৰৰ নামঘৰ সমূহৰ পৰিচালনা সমিতি, বিভিন্ন জাতি-জনগোষ্ঠীয় অনুষ্ঠান, চাহ বাগিচাৰ ৰাইজকে ধৰি জিলাখনৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজে ভাগ ল'ব ।২৮ জুনত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা প্ৰস্থান যাত্ৰা । উক্ত ৰথ যাত্ৰাৰ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে । আয়োজিত সংবাদমেলত ইছকন মায়াপুৰৰ বিগ্ৰহ সেৱা মন্ত্ৰণালয়ৰ বিষয়া অদ্বৈত বিপ্ৰ দাস, উদযাপন সমিতিৰ বিষয়ববীয়া জুমি দুৱৰা, মানৱ সন্দিকৈ, দিব্যজ্যোতি হাজৰিকা, দিলীপ শইকীয়া, চন্দন কৰ্মকাৰ, পূজিত ঘোষ, অনিমেশ সাহা আদিয়ে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NIA Raid on Khalistani: खालिस्तान-गैंगस्टर्स पर बड़ा एक्शन, Punjab में 30 जगहों पर NIA की छापेमारी
NIA Raid on Khalistani: खालिस्तान-गैंगस्टर्स पर बड़ा एक्शन, Punjab में 30 जगहों पर NIA की छापेमारी
ग्यारहवां अन्तर्राष्ट्रीय योग दिवस 21 जून को मनाया जाएगा। जिले भर में हो रहा योगाभ्यास का पूर्वाभ्यास
बालोतरा, 24 मई। ऋषि मुनियों के निरंतर अभ्यास एवं प्रयोगो से सिद्ध हुआ योग विषयक ज्ञान ग्यारहवें...
અફઘાનિસ્તાન અને પાકિસ્તાન એશિયા કપની મેચ બાદ પ્રેક્ષકોમાં ઘમાસાન, એકબીજાને ખુરશીઓ મારી..
અફઘાનિસ્તાન અને પાકિસ્તાન એશિયા કપની મેચ બાદ પ્રેક્ષકોમાં ઘમાસાન, એકબીજાને ખુરશીઓ મારી..
Congress leader Lalit Vasoya reacts over speculations of PAAS leader Alpesh Kathiriya joining BJP
Congress leader Lalit Vasoya reacts over speculations of PAAS leader Alpesh Kathiriya joining BJP