ৰহবৌদ্ধিধৰ্মা কৰাটে ক্লাবৰ খেলবৈ সকলে তিনিটা সোন আৰু দুটা ব্ৰোঞ্জ পদক লৈ ৰহালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।

          দেওবাৰে গুবাহাটি এনএফ ৰেলৱে ইডোৰ স্টেডিয়াম ত অনুষ্ঠিত সদৌ অসম বাডো কাই কৰাটে চেম্পিয়নশ্বিপ ত ৰহা বৌদ্ধিধৰ্মা কৰাটে ক্লাবৰ প্ৰশিক্ষক তথা থাৰ্ড ডান ব্লেক বেল্ট নিত্য কুমাৰ পাতৰৰ নেতৃত্বত পাঁচ গৰাকী খেলবৈ অংশ গ্ৰহণ কৰি তিনিটা সোন আৰু দুটা ব্ৰোঞ্জ ৰ পদক লৈ ৰহালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।

     অংশ গ্ৰহণ কৰা পাঁচজন খেলবৈ সকলৰ ভিতৰত প্ৰদ্যুৎ ইংতিয়ে কাটাত এটা আৰু কোমিটেত এটা সহ দুটা সোন ৰ পদক,তিষান্টা পল নাথে কোমিটেত এটা সোনৰ পদক,কৃষ্টি দেবীয়ে কাটাত এটা ব্ৰোঞ্জ ৰ পদক আৰু বেশালী জ্যোতি দাসে কাটাত এটা ব্ৰোঞ্জ ৰ পদক লবলৈ সক্ষম হয়।