সাপেখাতীৰ বাৰেগাঁৱৰ ৰাইজে লেতেৰা বিজাণু যুক্ত পানী খাই জীয়াই আছে । টাইপা,চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি কৃষ্ণ গগৈ ক্ষোভ প্ৰকাশ

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ধাকঢ়োল নবজাক কিয়।কিন্ত বাস্তৱ ক্ষেত্ৰত গাওঁ সমূহত সম্পুৰ্ণ এখন ওলতা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। তেনে এখন গাওঁ হৈছে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ হৰিদেৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাৰেগাঁৱৰ ৰাইজে পাঁচ বছৰ পৰা কুৱা, পুখুৰীৰ লেটেৰা, দুষিত,বিজাণু যুক্ত পানী খাই জীয়াই থাকিব লগা হৈছে।।যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ সঘনে পেতৰ অসুখ হোৱা পৰিলক্ষিত হৈছে। অতি পৰিতাপৰ বিষয় যে জল জীৱন মিচনৰ অধীনত বাৰেগাওঁ খোৱা পানী যোগান আঁচনি খন উন্নতি কৰণৰ ব্যৱস্থা কৰা হৈছিল যদিও আজি পৰ্যন্ত পানী যোগান আঁচনি খন কাৰ্যক্ষম হৈ নুঠিল। যাৰ বাবে বাৰেগাঁৱৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে অচল হৈ থকা বাৰেগাওঁ পানী যোগান আঁচনি খন নিৰ্মাণ কৰিবৰ বাবে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী, বিধায়ক বহু বাৰ আবেদন-নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত অঞ্চলটোত পানী যোগান আঁচনি নিৰ্মাণ কৰি কাৰ্যক্ষম নকৰাত টাইপা চৰাইদেউ জিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই বাৰেগাওঁ খোৱা পানী যোগান আঁচনি খন নিৰ্মাণ কৰি কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে।